NORTHEAST NOW (Assamese)
অসম

মণিপুৰত হেণ্ড গ্ৰেণেড বিস্ফোৰণ: নিহত দুটি শিশু

Posted by: এন ই নাও নিউজ January 22, 2018 8:49 am
প্ৰতিনিধিত্বমূলক ছবি

মণিপুৰৰ ইম্ফল ইষ্ট জিলাত দেওবাৰে সংঘটিত এক হেণ্ড গ্ৰেণেড বিস্ফোৰণত দুজন অবুজ কিশোৰ নিহত হোৱাৰ লগতে আন এজন কিশোৰ গুৰুতৰভাৱে আহত হয়।

প্ৰাপ্ত বাতৰি মতে খৌপুম আৰক্ষী চকীৰ অন্তৰ্গত চুভংল’ গাঁৱত কিশোৰ তিনিজনে খেলি থকা অৱস্থাত বিদেশত নিৰ্মিত এটা হেণ্ড গ্ৰেণেড পায়। অবুজ কিশোৰ তিনিজনে হেণ্ড গ্ৰেণেডটো কোনো খেলা সামগ্ৰী বুলি ভাবি হাতত লৈ খেলিবলৈ লোৱা অৱস্থাতে গ্ৰেণডটোৰ বিস্ফোৰণ ঘটে।

বিস্ফোৰণটোৰ ফলত এজন কিশোৰৰ ঘটনাস্থলীতে মৃত্যু ঘটাৰ বিপৰীতে আন দুজন কিশোৰ গুৰুত্বপূৰ্ণভাৱে আহত হয়। আঘাতপ্ৰাপ্ত কিশোৰদ্বয়ক তাৎক্ষণিকভাৱে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও তাৰে এজন কিশোৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা কিছু সময়ৰ পিছতে মৃত্যু ঘটে।

বাতৰি লিখা পৰলৈকে মৃত আৰু আঘাতপ্ৰাপ্ত কিশোৰ কেইজনক চিনাক্তকৰণ কৰিব পৰা হোৱা নাই বুলি জানিব পৰা গৈছে।

উক্ত বাতিৰটোত আৰু জনোৱা অনুসৰি হেণ্ড গ্ৰেণেডটো কোনো উগ্ৰপন্থী সংগঠনৰ নে ৰাজ্য বা কেন্দ্ৰীয় সামৰিক বাহিনীৰ তাক উক্ত বাতিৰ লিখা পৰলৈকে নিশ্চিত কৰিব পৰা হোৱা নাই।