NORTHEAST NOW (Assamese)
অসম

হাতীৰ আক্ৰমণৰ পৰা বিদ্যালয়গৃহ ৰক্ষাৰ বাবে নিৰ্মাণ সৌৰচালিত বৈদ্যুতিক বেৰা

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া February 15, 2020 9:43 am
IMG_20200214_135028

এবাৰ-দুবাৰ নহয় ১৮ বাৰকৈ হাতীৰ আক্ৰমণত বিধ্বস্ত হৈ পৰিছে এখন প্ৰাথমিক বিদ্যালয়। বিভিন্ন কৌশল অৱলম্বনৰ পাছতো হাতীৰ পৰা ৰক্ষা কৰিব পৰা নাই বিদ্যালয়খনৰ গৃহ।

অৱশেষত শুকুৰবাৰে বিদ্যালয়খনৰ চৌহদৰ চৌপাশে সৌৰচালিত বৈদ্যুতিক বেৰা সংস্থাপিত কৰি আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। উদ্বোধন কৰে কলিয়াবৰৰ মহকুমাধিপতি বিতোপন নেওঁগে।

বিদ্যালয়খন শিলঘাটস্থিত নাম কামাখ্যা প্ৰাথমিক বিদ্যালয় বুলি জানিব পৰা গৈছে।

কলিয়াবৰ মহকুমা প্ৰশাসনৰ উদ্যোগত আমেৰিকা যুক্তৰাষ্ট্ৰৰ চেন্টাৰ ফৰ লাৰ্জ লেণ্ডস্কেপ কনজাৰ্ভেশ্যন আৰু প্ৰকৃতি সংগঠন আৰণ্যকৰ উদ্যোগত বিদ্যালয়খনৰ চৌহদত এই সৌৰচালিত বৈদ্যুতিক বেৰা নিৰ্মাণ কৰা হৈছে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ম’ন্টানাৰ নিৱাসী এন্থনি প’ল ক্লিভেনজাৰ আৰু ৰবাৰ্ট এমেন্টৰ বিশেষ আৰ্থিক অনুদানেৰে নিৰ্মান কৰা এই বৈদ্যুতিক বেৰাই এতিয়াৰে পৰা হাতীৰ আক্ৰমণৰ পৰা বিদ্যালয় গৃহ ৰক্ষা কৰিব বুলি আশাবাদী নাম কামাখ্যা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ লগতে ছাত্ৰ-ছাত্ৰী।

সেয়েহে বিদ্যালয় প্ৰাংগনত আয়োজিত উদ্বোধনী অনুষ্ঠানত দুয়োগৰাকী বিদেশী সংৰক্ষণবিদক আন্তৰিক ধন্যবাদ জনায় ছাত্ৰ-ছাত্ৰী সকলে।

অনুষ্ঠানত বিদ্যালয়খনৰ সমূহ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়ত্ৰীৰ উপৰি খণ্ড প্ৰাথমিক শিক্ষা বিষয়া প্ৰাণজিৎ শইকীয়া, কলিয়াবৰ প্ৰেছ ক্লাবৰ সভাপতি নিপেন কেওঁট, ৱৰ্ল্ড হেৰিটেজ হিৰো আৰণ্যকৰ ড৹ বিভূতি প্ৰসাদ লহকৰ, ড৹ জ্যোতি দাস, আৰণ্যকৰ সৌৰচালিত বেৰাৰ বিশেষজ্ঞ অঞ্জন বৰুৱা, কলিয়াবৰ মহকুমাৰ সহকাৰী আয়ুক্তদ্বয় ক্ৰমে বাৰ্বী হাজৰিকা আৰু মিনাক্ষী পাৰমিজ, বিদ্যলয় পৰিচালনা সমিতিৰ সভাপতি ভৱেন শৰ্মাকে আদি কৰি ভালে কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

হাতীৰ পৰা বিদ্যালয় গৃহ ৰক্ষাৰ বাবে বৈদ্যুতিক বেৰা নিৰ্মাণ কৰি দিয়াৰ বাবে আৰণ্যক আৰু চেন্টাৰ ফৰ লাৰ্জ লেণ্ডস্কেপ কনজাৰ্ভেশ্যনক সকলোৱে ধন্যবাদ জ্ঞাপন কৰে।