NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীত সংবাদমেল পাতি কংগ্ৰেছে দেশৰ সুৰক্ষাক লৈ খেলাৰ অভিযোগ যোগী আদিত্যনাথৰ

Posted by: অনুপ শর্মা December 17, 2018 5:52 pm
17-12-18 Guwahati- Yogi Adityanath pmt (8)

উত্তৰ প্ৰদেশৰ মুখ্য মন্ত্ৰী যোগী আদিত্যনাথে সোমবাৰে গুৱাহাটীত কংগ্ৰেছৰ বিৰুদ্ধে দেশৰ সুৰক্ষাক লৈ খেলাৰ অভিযোগ অনাৰ লগতে কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীক দেশৰ জনসাধাৰণৰ ওচৰত ক্ষমা খোজাৰ দাবী তোলে।

সমগ্ৰ দেশজুৰি ৰাফাল চুক্তি সন্দৰ্ভত বিজেপি ৭০ খন সংবাদমেল অনুষ্ঠিত কৰাৰ পৰিকল্পনাৰ অংশ হিচাপে সোমবাৰে গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰি যোগী আদিত্যনাথে কয় যে কংগ্ৰেছ নেতৃত্বাধীন য়ুপিএ চৰকাৰৰ দিনত সম্পন্ন হোৱা বেছিভাগ প্ৰতিৰক্ষা চুক্তিৰ দৰে ৰাফাল চুক্তিত কোনো মধ্যভোগী বা এজেন্ট নাই।

‘’ কাৰ্গিল যুদ্ধৰ পাছত ভাৰতীয় সেনাৰ কৌশলগত প্ৰয়োজনীয়তাৰ কথা বিবেচনা কৰি ৰাফাল চুক্তিৰ ব্যৱস্থা কৰা হৈছিল। অৱশ্যে, ২০০৪ চনত কংগ্ৰেছ নেতৃত্বাধীন য়ুপিএ চৰকাৰ ক্ষমতালৈ অহাৰ পাছত চুক্তিখন সম্পাদন নকৰি ২০০৭ চনৰ পৰা ২০১৪ চনলৈ বিলম্ব কৰি দেশৰ সুৰক্ষা বিষয়ত আপোচ কৰিছিল। এই বিলম্বৰ আঁৰৰ কাৰণ আছিল হয়তো ইয়াত কোৱাট্ৰচি বা খ্ৰীষ্টিয়ান মাইকেলৰ দৰে কোনো মধ্যভোগী নাছিল,’’-আদিত্যনাথে কয়।

‘’এতিয়া উচ্চতম ন্যায়ালয়ে ৰাফাল চুক্তি সন্দৰ্ভত চৰকাৰক ক্লীনশ্বীট দিলে আৰু চুক্তিখন সম্পৰ্কীয় আবেদন নাকচ কৰিলে। দেশৰ আটাইতকৈ পুৰণি দল কংগ্ৰেছে সৰ্বোচ্চ ন্যায়ালয়খনৰ প্ৰতি সন্মান জনোৱা উচিত,’’-তেওঁ কয়।

ৰাফাল চুক্তিৰ বিষয়টো অনাৱশ্যকভাৱে বিতৰ্কৰ মাজলৈ টানি অনাৰ বাবে ৰাহুল গান্ধীয়ে ক্ষমা খুজিবই লাগিব বুলি উল্লেখ কৰি যোগীয়ে কয়, ‘’ ৰাজনৈতিক স্বাৰ্থত কংগ্ৰেছে ৰাফাল চুক্তিৰ বিষয়টো অনাৱশ্যকভাৱে বিতৰ্কৰ মাজলৈ টানি আনিছে। প্ৰধান মন্ত্ৰী সম্পৰ্কে ৰাহুল গান্ধীয়ে যিদৰে মন্তৱ্য কৰিছে সেয়া তেওঁৰ পদ মৰ্যাদাৰ নেতা এগৰাকীৰ বাবে অতি দুৰ্ভাগ্যজনক।‘’

তেওঁ লগতে কয়, ‘’আমাৰ দলে কৈ আহিছে যে আমি যিকোনো বিষয়তে বিতৰ্কত ভাগ ল’বলৈ সাজু। গণতান্ত্ৰিক ব্যৱস্থাত জনসাধাৰণৰ স্বাৰ্থৰ সৈতে জড়িত বিষয়ৰ আলোচনা কৰাৰ বাবে সংসদতকৈ আৰু ভাল স্থান কি হ’ব পাৰে। অৱশ্যে কংগ্ৰেছে বিষয়বোৰ অপ্ৰয়োজনীয়ভাৱে টানি অনাৰ বাহিৰে বিতৰ্কত আগ্ৰহী নহয়।‘’