NORTHEAST NOW (Assamese)
অসম

মাজুলীৰ জুগুনিধাৰীত পিটনিৰ পৰা ৰাইজে উদ্ধাৰ কৰিলে সুগৰী পহু

Posted by: মিটু খাটনিয়াৰ December 17, 2018 5:59 pm
a Barking Deer in Jugunidhari Village

মাজুলীৰ জুগুনিধাৰীৰ গাঁৱৰ পিটনিৰ পৰা ৰাইজে উদ্ধাৰ কৰে এটি সুগৰী পহু ( Muntiacus muntjak)। অৰণ্যৰ পৰা বাট হেৰুৱাই বৰটানি অঞ্চলত ওলোৱা পহুটোৱে জনসমাগম দেখি ভয়তে বিতত হৈ জুগুনিধাৰীৰ পিনে ঢাপলি মেলে আৰু পিটনিত পৰেগৈ। বৰটানি গাঁৱৰ কেইবাজনো স্থানীয় যুৱকে অসহায় পহুটো দেখি পিতনিলৈ নামি গৈ তাক উদ্ধাৰ কৰে।

ৰাইজে মাজুলী বন বিভাগক খবৰ দিয়াত বন বিভাগৰ এটা দল আহি ঘটনাস্থলীত উপস্থিত হৈ পহুটো লৈ যায়। উদ্ধাৰ হোৱা সুগৰী পহুটোৰ চিকিৎসা সম্পন্ন কৰি বনাঞ্চলত এৰি দিয়া হ’ব বুলি মাজুলীৰ বন বিভাগৰ বিষয়াই জানিবলৈ দিছে।