NORTHEAST NOW (Assamese)
অসম

আমেৰিকাৰ নতুন ৰাষ্ট্ৰপতিৰ কৰ’না টাস্ক ফ’ৰ্ছত থাকিব এইগৰাকী ভাৰতীয় চিকিৎসক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 9, 2020 1:07 pm
56397-lnjelkpxpw-1492850163

আমেৰিকাৰ শাসন পৰিৱৰ্তনৰ সময়তে এক গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰাৰ পথত আগবাঢ়িছে এগৰাকী ভাৰতীয় চিকিৎসক।

নৱ নিৰ্বাচিত আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বিডেনৰ কৰ’না টাস্ক ফ’ৰ্ছত থাকিব এগৰাকী ভাৰতীয় চিকিৎসক বিবেক মূৰ্তি।

বাতৰি অনুসৰি, তেওঁক বিডেনৰ বিশেষ উপদেষ্টা পদত ৰখা হ’ব। ইয়াৰ পূৰ্বে প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অ’বামাৰ প্ৰস্তাৱ গ্ৰহণ কৰি চিনেটৰ সদস্যসকলে তেওঁক আমেৰিকাৰ চাৰ্জন জেনেৰেল নিৰ্বাচিত কৰিছিল।

জানিব পৰা মতে, ভাৰতীয় মূলৰ চিকিৎসক বিবেক মূৰ্তিক এইবাৰ কোভিড-১৯ মোকাবিলাৰ বাবে গঠন কৰা টাস্ক ফ’ৰ্ছৰ দায়িত্ব দিয়া হ’ব।

বিবেক মূৰ্তিক টাস্ক ফ’ৰ্ছৰ অন্যতম সহযোগী-অধ্যক্ষৰ দায়িত্ব দিয়াৰ সম্ভাৱনা আছে। এই একেই সহযোগী পদত নিযুক্ত হ’ব পাৰে আমেৰিকাৰ প্ৰাক্তন ফুড এণ্ড ড্ৰাগ এডমিনিষ্ট্ৰেশ্যন কমিছনাৰ ডেভিড কেছলাৰ।

আমেৰিকাৰ নতুন ৰাষ্ট্ৰপতি বিডেনে শনিবাৰে নিশা ডেল’য়াৰৰ উইলমিংটনত দিয়া তেওঁৰ ‘বিজয় ভাষণ’ত কোভিড-১৯ পৰিস্থিতিৰ মোকাবিলা কৰাৰ দিক নিৰ্দেশনা প্ৰস্তুত কৰাৰ বাবে কেইগৰাকীমান উপদেষ্টা নিযুক্তি দিয়াৰ কথা ঘোষণা কৰিছিল।

উল্লেখ্য যে ৰিপাব্লিকানসকলৰ বাছনিত নুঠা বিবেক মূৰ্তিয়ে মাত্ৰ ৩৭বছৰ বয়সতে দেশখনৰ ৰাজহুৱা স্বাস্থ্যসেৱাৰ শীৰ্ষ পদ লাভ কৰিছিল।

তেওঁ আমেৰিকাত দীৰ্ঘ সময় ধৰি এইডছ সজাগতাৰ সৃষ্টিৰ প্ৰচাৰৰ কামত জড়িত হৈ আহিছে।