দৃষ্টান্ত! কেন্সাৰ ৰোগীক সহায় কৰিবলৈ এইগৰাকী সুন্দৰী ছোৱালীয়ে খুৰাই পেলালে চুলি

কেন্সাৰ ৰোগীক সহায় কৰিবলৈ ত্ৰিপুৰাৰ এগৰাকী ছাত্ৰীয়ে নিজৰ মূৰৰ চুলি খুৰাই পেলালে।
এনএছএছৰ স্বেচ্ছাসেৱক ছাত্ৰীগৰাকীয়ে এনএছএছৰ উদ্দেশ্য ‘নট মি বাট ইউ..’ৰ দ্বাৰা উদ্বুদ্ধ হৈ তেওঁৰ চুলিখিনি কেন্সাৰ ৰোগীলৈ দান দিয়ে।
আগৰতলা চহৰৰ পৰা প্ৰায় ১৪০ কিলোমিটাৰ দূৰৰ উনাকটি জিলাৰ অন্তৰ্গত কৈলাশহৰৰ ৰামকৃষ্ণ মহাবিদ্যালয়ৰ এনএছএছ স্বেচ্ছাসেৱকগৰাকীয়ে তেওঁৰ বাহ্যিক সৌন্দৰ্যৰ সৈতে আপোচ কৰি তেওঁৰ চুলি খুৰাই পেলালে আৰু চিকিৎসাধীন কেন্সাৰ ৰোগীৰ মুখত হাঁহি বিৰিঙাবলৈ সম্পূৰ্ণ টকলা হৈ পৰিল।
কাঞ্চনপুৰৰ বাসিন্দা এনএছএছ স্বেচ্ছাসেৱক কনকাঞ্জলি নাথ এগৰাকী কলা বিভাগৰ ছাত্ৰী আৰু বৰ্তমান ষষ্ঠ ষান্মাসিকত অধ্যয়ন কৰি আছে।
শুকুৰবাৰে তেওঁ এগৰাকী স্থানীয় নাপিতক মাতি আনি মূৰৰ চুলিখিনি খুৰাই পেলায়।
কনকাঞ্জলিয়ে জানিব দিয়ে যে তেওঁ মূৰৰ চুলিখিন খুৰাই পেলালে কিয়নো ইয়াক চিকিৎসাধীন কেন্সাৰ ৰোগীৰ বাবে উইগ বনোৱাত ব্যৱহাৰ কৰিব পৰা যাব।
তেওঁ নিজৰ এই সুসজ্জিত চুলিখিন মূৰৰ চুলি হেৰুওৱা তথা আৰ্থিকভাৱে দুৰ্বল কেন্সাৰ আক্ৰান্ত ৰোগীৰ বাবে উৰিষ্যা হেয়াৰ ড’নেশ্যন অৰ্গেনাইজেশ্যনক দান কৰিছে।
কনকাঞ্জলিয়ে তেওঁৰ চুলিখিন কুৰিয়াৰ চাৰ্ভিছৰ জৰিয়তে সংগঠনটোলৈ প্ৰেৰণ কৰিছে।
এনএছএছ স্বেচ্ছাসেৱকগৰাকীয়ে কয় যে স্কুলীয়া দিনৰ পৰাই তেওঁ কেন্সাৰ ৰোগীৰ বাবে কিবা কৰিবলৈ পৰিকল্পনা কৰিছিল যদিও কিছুমান সমস্যাৰ বাবে তেওঁ আগতে চুলি দান কৰিব পৰা নাছিল।