NORTHEAST NOW (Assamese)
অসম

দেশত একেৰাহে সাত দিন ৫০ হাজাৰৰ তলত কৰ’নাৰ দৈনিক সংক্ৰমণ; ২৪ ঘন্টাত মৃত্যু ৯৫৫জনৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 4, 2021 12:29 pm
Corona India

কৰ’নাৰ ডেল্টা প্ৰজাতিৰ আতংক আৰু তৃতীয় ঢৌৰ আশংকাৰ মাজতে দেশত দৈনিক সংক্ৰমণৰ হাৰ ক্ৰমাগতভাৱে নিম্নগামী হোৱাটো সকাহৰ কাৰণ বুলি ক’ব পাৰি।

মৃত্যুৰ সংখ্যাই উদ্বেগ বৃদ্ধি কৰি ৰখাৰ মাজতে যোৱা ২৪ ঘন্টাত দৈনিক সংক্ৰমণৰ ঘটনা পূৰ্বৰ দিনৰ তুলনাত ২ শতাংশ হ্ৰাস পাইছে।

দেওবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছে ৪৩হাজাৰ ৭১ জন লোক। শনিবাৰে দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছিল ৪৪হাজাৰ ১১১ জন লোক।

সেইদৰে, বৰ্তমান দেশত মুঠ কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছে ৩কোটি ৫লাখ ৪৫ হাজাৰ ৪৩৩ জন।

আনহাতে, যোৱা ২৪ ঘণ্টাত দেশত ৯৫৫জন কোভিড আক্ৰান্ত লোকৰ মৃত্যু হৈছে।

মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি দেশত এতিয়ালৈকে মুঠ কৰ’না আক্ৰান্ত মৃত্যুৰ সংখ্যা হৈছেগৈ ৪লাখ ২হাজাৰ ৫জন।

বৰ্তমান দেশত চিকিৎসাধীন হৈ থকা কৰ’না ৰোগীৰ সংখ্যা হৈছে ৪লাখ ৮৫হাজাৰ ৩৫০জন।

দেশত যোৱা ২৪ ঘন্টাত সুস্থ হৈ ঘৰলৈ ওভতা ৰোগীৰ সংখ্যা হৈছে ৫২ হাজাৰ ২৯৯জন।

সেইদৰে, দেশত এতিয়ালৈকে মুঠ কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ২ কোটি ৯৬লাখ ৫৮হাজাৰ ৭৮জন।

দেশত যোৱা ২৪ ঘন্টাত ১৮ লাখ ৩৮হাজাৰ ৪৯০জন লোকৰ কৰ’না পৰীক্ষা কৰা হৈছে।

বৰ্তমানলৈ দেশত ৩৫কোটি ১২লাখতকৈয়ো অধিক লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে।

আনহাতে, দেশত কৰ’নাৰ তৃতীয়টো ঢৌ আৰম্ভ হোৱাৰ পূৰ্বে ডেল্টা প্লাছ প্ৰজাতিৰ সংক্ৰমণে উদ্বিগ্নতা বৃদ্ধি কৰিছে।