NORTHEAST NOW (Assamese)
অসম

মুখ্য মন্ত্ৰীৰ আশ্বাস সত্ত্বেও ন্যায় নাপালে সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ দ্বাৰা অপদস্থ সচিবালয় কৰ্মচাৰীয়ে : ৬ ছেপ্তেম্বৰত সচিবালয় সেৱা সন্থাৰ প্ৰতিবাদ

Posted by: এন ই নাও নিউজ August 29, 2018 7:58 am
Siddhartha Bhatta

মুখ্য মন্ত্ৰীৰ আশ্বাস সত্ত্বেও শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ লগত অসম সচিবালয় সেৱা সন্থাৰ সংঘাতৰ ঘটনাটোৰ কোনো মীমাংসা আজি পৰ্য্যন্ত নহ’ল। শিক্ষা মন্ত্ৰীয়ে অপদস্থ কৰি নিলম্বন কৰা কৰ্মচাৰীজনৰ নিলম্বন আজি পৰ্য্যন্ত নিলম্বন প্ৰত্যাহাৰ নহ’ল। ফলত সচিবালয় সেৱা সন্থাই অহা ৬ ছেপ্তেম্বৰত ক’লা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰিব।

উল্লেখযোগ্য যে যোৱা জুলাই মাহত প্ৰাথমিক শিক্ষা বিভাগৰ জ্যেষ্ঠ প্ৰশাসনিক সহায়ক চন্দন কাকতীক শিক্ষা মন্ত্ৰীয়ে নিজৰ কক্ষলৈ মানি নি অপদস্থ কৰিছিল আৰু ১২ জুলাইত মন্ত্ৰীজনে নিলম্বন কৰিছিল কৰ্মচাৰীজনক। মন্ত্ৰী তপন গগৈৰ নিৰ্দেশ মতে এটা বদলিৰ ফাইলৰ কাম কৰা সম্পৰ্কতে মন্ত্ৰীজনে কৰ্মচাৰীজনক অভব্য গালি-গালাজ কৰি অপদস্থ কৰাৰ পিছত নিলম্বন কৰিছিল।

ইয়াৰ প্ৰতিবাদত অসম সচিবালয় সেৱা সন্থাই প্ৰতিবাদী কাৰ্য্যসূচী লৈছিল আৰু নিলম্বন প্ৰত্যাহাৰ দাবী কৰিছিল। মুখ্য মন্ত্ৰীয়ে অসম সচিবালয় সেৱা সন্থাৰ সৈতে বিষয়টো আলোচনা কৰি তদন্ত কৰাৰ আশ্বাস দিয়াৰ লগতে ৰাজহ বিভাগৰ প্ৰধান সচিব ৰাজেশ প্ৰসাদক তদন্তৰ নিৰ্দেশো দিয়ে।

জানিব পৰামতে প্ৰসাদে তদন্তৰ প্ৰতিবেদনো দাখিল কৰিলে। কিন্তু তাৰ পিছতো সেই প্ৰতিবেদনৰ ভিত্তিত কোনো ধৰণৰ ব্যৱস্থা লোৱা দেখা নগ’ল।

ফলত সচিবালয় সেৱা সন্থাৰ এখন জৰুৰী কাৰ্যনিৰ্বাহক সভাই কৰ্মচাৰী চন্দন কাকতীৰ নিলম্বন প্ৰত্যাহাৰৰ দাবীত অহা ৬ ছেপ্তেম্বৰত ক’লা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্তৰ সিদ্ধান্ত লৈছে।