NORTHEAST NOW (Assamese)
অসম

টীয়কত ক’ভিডৰ ভয়ংকৰ গণ সংক্ৰমণ; চিন্তামণিগড়ত একেদিনাই আক্ৰান্ত ৮০ জন লোক

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক July 4, 2021 11:48 am
Covid mass infection in teok village

যোৰহাট জিলাৰ টীয়কৰ গ্ৰাম্যাঞ্চলত নিতৌ বৃদ্ধি পাইছে কভিড আক্ৰান্তৰ সংখ্যা।

শনিবাৰৰ দিনটোত সমগ্ৰ যোৰহাট জিলাত ক’ভিড আক্ৰান্তৰ সংখ্যা ২১৮ জন। ইয়াৰে ১১২ গৰাকী টীয়কৰ বিভিন্ন অঞ্চলৰ।

ইতিমধ্যে জিলা প্ৰশাসনে টীয়কৰ বিভিন্ন অঞ্চলত কন্টেইনমেন জ’ন ঘোষণা কৰিছে।

শনিবাৰৰ দিনটোত শিৱসাগৰ আৰু যোৰহাট জিলাৰ সীমান্তৱৰ্তী চিন্তামনিগড় অঞ্চলত ৮০ জন লোকৰ দেহত ক’ভিডৰ উপস্থিতি ধৰা পৰাত ঘোৰাচঁৰা পথাৰ আৰু নাওবৈচা অঞ্চলক কন্টেইনমেন জ’ন ঘোষণা কৰা হৈছে।

যোৰহাট জিলা প্ৰশাসনে অশেষ কষ্ট কৰাৰ পাছত সীমাৱৰ্তী অঞ্চলটোত ৰুধিবলৈ সক্ষম হোৱা নাই ক’ভিডৰ সংক্ৰমণ। সচেতনতা তথা সজাগতাৰ অভাৱৰ বাবেই এনে পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি মন্তব্য কৰিছে প্ৰশাসনৰ কৰ্মচাৰীয়ে।

ইপিনে, যিহেতু গ্ৰাম্যাঞ্চলত SOPৰ কোনো প্ৰভাৱ পৰা পৰিলক্ষিত হোৱা নাই, এতিয়াও ক’ভিডক সাধাৰণ জ্বৰ পানীলগাৰ লগত তুলনা কৰি মানুহে উপলুঙা কৰিছে।

সেয়ে, কালিলৈ চৰকাৰে যি নতুন ক’ভিড SOP ঘোষণা কৰিব তাত যোৰহাট জিলাখনত সম্পূৰ্ণ লকডাউন ঘোষণা কৰিবলৈ বিভিন্ন মহলে জিলা প্ৰশাসনক আহ্বান জনাইছে।