NORTHEAST NOW (Assamese)
অসম

বাক্সা জিলাৰ কুমাৰীকাটা-জালাহ পথৰ টাইগাৰ ব্ৰিজ মেৰামতি কৰিলে সমাজকৰ্মী মজনুৰ আলিয়ে

Posted by: দীপক কুমাৰ পাঠক Updated by: দীপক কুমাৰ পাঠক June 21, 2021 8:39 am
Maznur Ali repairing road

বাক্সা জিলাৰ কুমাৰীকাটা-জালাহ পথত কালা নদীৰ ওপৰত থকা টাইগাৰ ব্ৰিজ খন মেৰামতি অভাৱত বিধ্বস্ত ৰূপ লৈছিল। অতি গুৰুত্বপূৰ্ণ পথৰ দলং খনৰ বিধ্বস্ত ৰূপৰ বাতৰি নৰ্থ ইষ্ট নাওত ১৮ জুনত সবিস্তাৰে প্ৰচাৰ হৈছিল।

তাৰ পিছতেই দলংখন মেৰামতি কৰিবলৈ আগবাঢ়ি আহিল এগৰাকী স্থানীয় ব্যৱসায়ী। তেওঁ হৈছে কুমাৰীকাটাৰ ব্যৱসায়ী তথা অঞ্চলটোৰ বিশিষ্ট সমাজকৰ্মী মজনুৰ আলি।

মজনুৰ আলিয়ে দলংখন মেৰামতি বাবে আগবাঢ়ি আহি দেখুৱালে মহানুভৱতা। কুমাৰীকাটা-মুছলপুৰ-জালাহ সংযোগী পথত কালানদীৰ ওপৰত থকা টাইগাৰ ব্ৰিজ নামৰ দলং খন নিজৰ পকেটৰ ধন খৰছ কৰি মেৰামতি কৰিলে মজনুৰ আলি নামৰ ব্যক্তি গৰাকীয়ে।

ৰাইজ, আছু, এবছু তথা স্থানীয় দল সংগঠনৰ অনুৰোধ মৰ্মে চৰকাৰলৈ বাট নাচাই পকেটৰ চাৰি লক্ষাধিক ধন খৰছ কৰি দেওবাৰে সম্পূৰ্ণ কৰিলে দলং খনৰ মেৰামতিৰ কাম।

মজনুৰ আলিয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে বাক্সা জিলা সদৰ মুছলপুৰ সংযোগী দলংখনত সৃষ্টি হোৱা গাঁতৰ বাবে বহু দুৰ্ঘটনাও সংঘটিত হৈছে দলংখনত। আনকি মানুহৰ মৃত্যুও ঘটিছে।

সেয়ে ৰাইজৰ দুখ দেখি আৰু দল-সংগঠনৰ অনুৰোধ মৰ্মে মজনুৰ আলিয়ে মেৰামতি কৰি প্ৰৱল মহানুভৱতাৰ পৰিচয় দিলে। স্থানীয় ৰাইজেও ধন্যবাদ জ্ঞাপন কৰিছে মজনুৰ আলিক।