NORTHEAST NOW (Assamese)
Popular Stories

শৰীৰত কৰ্কট ৰোগৰ যন্ত্ৰণা লৈও ভোট দিবলৈ ওলাই আহিল বছিৰ আলী

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া April 23, 2019 8:49 pm

ৰাজ্যত আজি অন্ত পৰিল ১৭তম সাধাৰণ নিৰ্বাচনৰ ভোটগ্ৰহণ। আজি অনুষ্ঠিত ভোটগ্ৰহণত গুৱাহাটী মহানগৰীৰ এটা বিশেষ ভোটকেন্দ্ৰত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহিল এগৰাকী কেন্সাৰ ৰোগী।

বামুণীমৈদামৰ বছিৰ আলী নামৰ ৬৮ বছৰীয়া লোকজনে দেহত দুৰাৰোগ্য কেঞ্চাৰ ৰোগ লৈয়ে নিজৰ এইদৰে ভোটদান কৰিবলৈ অহা কথাটোৱে কেন্দ্ৰটোত উপস্থিত ভোটাৰৰ লগতে সংবাদ মাধ্যমৰ লোকসকলৰ দৃষ্টি আকৰ্ষণ কৰে।

বছিৰ আলীক বামুণীমৈদামস্থিত চৰকাৰী প্ৰেছৰ ১৯১ নং জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্য্যালয়ৰ ভোটকেন্দ্ৰলৈ লৈ অনা তেওঁৰ স্কুলিয়া দিনৰ বন্ধু মুকুট চৌধুৰীয়ে সাংবাদিকক কয়, ‘তেওঁৰ দাঁতৰ আলুত কেন্সাৰ হৈছে। ধনৰ অভাৱত ভালদৰে চিকিৎসা কৰাব পৰা নাই।‘

প্ৰথম অৱস্থাত নৰ্থ-ইষ্ট কেন্সাৰ হাস্পতালত তেওঁক চিকিৎসা কৰোৱা হৈছিল যদিও বৰ্তমান ধনৰ অভাৱত ঘৰতে পৰি থাকিবলগীয়া হৈছে বুলি চৌধুৰীয়ে লগতে কয়।

মাৰাত্মক কৰ্কট ৰোগত আক্ৰান্ত হৈ গুৰুতৰভাৱে অসুস্থ দেহাৰে এনেদৰে গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই অহা বছিৰ আলী নিঃসন্দেহে গণতন্ত্ৰপ্ৰেমী সকলো নাগৰিকৰ বাবে আদৰ্শ হৈ ৰ’ব।