NORTHEAST NOW (Assamese)
Popular Stories

এন চি পিৰ মুৰব্বী পদৰ পৰা পদত্যাগ শৰদ পাৱাৰৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 2, 2023 3:03 pm
এন চি পিৰ মুৰব্বী পদৰ পৰা পদত্যাগ শৰদ পাৱাৰৰ

ভাৰতৰ অন্যতম আগশাৰীৰ বিৰোধী নেতা তথা নেশ্যনেল কংগ্ৰেছ পাৰ্টিৰ সভাপতি শৰদ পাৱাৰে পদৰ পৰা পদত্যাগ কৰিছে।

শিৱসেনা, কংগ্ৰেছ আৰু এন চি পিক একত্ৰিত কৰি মহাৰাষ্ট্ৰত মহা বিকাশ আঘাদী চৰকাৰ গঠনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল প্ৰবীণ নেতাগৰাকীয়ে।

পাৱাৰৰ পদত্যাগৰ ফলত এক বৃহৎ ক্ষতি আৰু অসুবিধাৰ সন্মুখীন হৈছে এন চি পি। ইয়াৰ পিছত এতিয়া দলৰ সভাপতি হিচাপে কাক নিৰ্বাচিত কৰে তাকে লৈ এতিয়া সৃষ্টি হৈছে উৎকন্ঠাৰ।

উল্লেখ্য যে ৰাজনৈতিক বুদ্ধিমত্তাৰ বাবে পৰিচিত শৰদ পাৱাৰে চাৰি দশকৰো অধিক সময় ধৰি মহাৰাষ্ট্ৰৰ ৰাজনীতিত এক  গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে।

এন চি পিৰ নেতৃত্বৰ পৰা তেওঁৰ অৱসৰ লোৱাৰ ফলত দল আৰু ৰাজ্যৰ বিৰোধী ৰাজনীতিত সুদূৰপ্ৰসাৰী প্ৰভাৱ পৰিব বুলি আশা কৰিছে দেশৰ ৰাজনৈতিক মহলে।