NORTHEAST NOW (Assamese)
Popular Stories

দিল্লীত ভয়াৱহ অগ্নিকাণ্ড : ২১ খনকৈ অগ্নিনিৰ্বাপক গাড়ীৰে নুমুৱাব লগা হ’ল জুই

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী January 8, 2023 9:22 pm

দেওবাৰে দিনৰ ৰাজধানী দিল্লীত সংঘটিত হয় ভয়ানক অগ্নিকাণ্ড।

প্ৰাপ্ত তথ্য মতে, দেওবাৰে পুৱা ১১:২১ বজাত দক্ষিণ-পূব দিল্লীৰ ওখলা অঞ্চলৰ এটা ইলেক্ট্ৰনিক সামগ্ৰীৰ কাৰখানাত অগ্নিকাণ্ড সংঘটিত হয়।
ওখলাৰ ফেজ-১ এলেকাৰ উদ্যোগিক এলেকাত থকা কাৰখানাটোৰ চতুৰ্থ আৰু পঞ্চম মহলাত জুই জ্বলিবলৈ আৰম্ভ কৰে।

ডেৰ ঘণ্টাৰো অধিক সময়ৰ অন্তত অগ্নিনিৰ্বাপক বাহিনীয়ে ভয়াৱহ জুই নিয়ন্ত্ৰণলৈ আনে।

কাৰখানাটোৰ অগ্নিকাণ্ডত কোনো লোক আহত হোৱা নাই বুলি তেওঁলোকে জানিবলৈ দিয়ে।

সংবাদ সংস্থা পিটিআইৰ মতে, প্ৰায় ১২:৩০ বজাত এই অগ্নিকাণ্ডৰ খবৰ পোৱা যায়। প্ৰথম অৱস্থাত ১৬টা পানী সিঁচা ইঞ্জিন সেই স্থানত উপস্থিত হয়। কিন্তু সেই ইঞ্জিনৰ দ্বাৰা জুই নিয়ন্ত্ৰণ কৰিব পৰা নগ’ল। ইয়াৰ পিছত সেই কাৰখানালৈ আৰু কেইবাটাও ইঞ্জিন পঠিওৱা হয়।

অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়াই জনোৱা মতে, অৱশেষত বিয়লি ৩ বজাৰ ভিতৰত জুই নিয়ন্ত্ৰণলৈ অনা হয়।

অগ্নিকাণ্ডত কোনো লোক আহত হোৱা নাই। কাৰখানাৰ ভিতৰত কোনো আবদ্ধ হৈ থকা নাই। অৱশ্যে ক্ষয়-ক্ষতিৰ পৰিমাণ আৰু অগ্নিকাণ্ডৰ কাৰণৰ তদন্ত অব্যাহত আছে।