NORTHEAST NOW (Assamese)
অসম

বসবাসৰ উপযুক্ত নহয় ‘বিধ্বস্তমুখী চহৰ’ যোশীমঠ; মুখ্যমন্ত্ৰী ধামীৰ ঘোষণা, উদ্বিগ্ন প্ৰধানমন্ত্ৰী মোডী

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী January 9, 2023 7:59 am

যোশীমঠৰ চাৰিওফালে আতংক বাঢ়ি গৈ আছে। উত্তৰাখণ্ডৰ পাহাৰৰ কোলাত অৱস্থিত এই সৰু চহৰখনত এতিয়া কেৱল ফাট মেলিছে আৰু সেয়া বহল হৈ গৈ আছে। এনে পৰিস্থিতিত মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে ঘোষণা কৰিছে যে এই চহৰখন বসবাসৰ বাবে উপযুক্ত নহয়।

চহৰখনৰ পৌৰ নিগমৰ এলেকাবোৰক ‘দুৰ্যোগগ্ৰস্ত’ বুলি ঘোষণা কৰা হৈছে। পৰিস্থিতি ইমানেই গুৰুতৰ যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেই ধামীক ফোন কৰি উদ্বেগ প্ৰকাশ কৰিছে।

ধামীয়ে টুইটাৰত কৈছে যে মোডীয়ে তেওঁক ফোন কৰি সৱিশেষ খবৰ লৈছে। তেওঁ অঞ্চলটোৰ বাসিন্দাসকলৰ সুৰক্ষা আৰু তেওঁলোকৰ পুনৰ্সংস্থাপনৰ বিষয়ে সোধা-পোছা কৰিছে। দেওবাৰে দুপৰীয়া প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত এখন উচ্চ পৰ্যায়ৰ বৈঠক আহ্বান কৰা হয়। তাত ‘বিপৰ্যস্ত’ যোশীমঠৰ ওপৰত এক বিতং আলোচনা হৈছে।

ইপিনে, যোশীমঠক লৈ গোচৰ উচ্চতম ন্যায়ালয় পাইছে। জ্যোতিৰ্মথাৰ শংকৰাচাৰ্য অভিমুক্তেশ্বৰানন্দই শীৰ্ষ ন্যায়ালয়ক এই সংকটটোক “ৰাষ্ট্ৰীয় দুৰ্যোগ” হিচাপে ঘোষণা কৰিবলৈ আবেদন জনাইছে। তেওঁ লগতে কৈছে যে ক্ষতিগ্ৰস্ত লোকসকলক আৰ্থিক সাহায্য প্ৰদান কৰা হওক।

শংকৰাচাৰ্যই ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীকো কামত নামিবলৈ অনুৰোধ জনাইছে। একে সময়তে তেওঁ অপৰিকল্পিত চহৰ গঢ়ি তোলাৰ বাবে দোষাৰোপ কৰি ৰাজ্যখনৰ বিজেপি চৰকাৰক প্ৰায় আক্ৰমণ কৰিছে।

এই পৰিস্থিতিত দেৱভূমিয়ে যিকোনো সময়তে এক ডাঙৰ খহনীয়াৰ সন্মুখীন হ’ব পাৰে। ৫৬১ টা ঘৰত ফাট মেলা দেখা গৈছে। যোশীমঠ-মালাৰী পথতো ফাট মেলা দেখা গৈছে। ভাৰত-চীন সীমান্তৰ অতি সমীপত অৱস্থিত এই পথৰ বিভিন্ন স্থানত ডাঙৰ ফাট মেলিছে।

দীৰ্ঘদিন ধৰি যোশীমঠৰ বাসিন্দাসকলে দাবী কৰি আহিছিল যে ইয়াত যিধৰণে ফাট দেখা দিছে তাত দুৰ্যোগৰ আশংকা বাঢ়ি আহিছে। গতিকে তেওঁলোকক ইয়াৰ পৰা পুনৰ্বাসিত কৰিব লাগে। কিন্তু উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী প্ৰশাসনে এই দাবীটোৰ প্ৰতি মনোযোগ নিদিয়াৰ অভিযোগ উঠিছে। অৱশ্যে শেহতীয়াকৈ ফাটবোৰৰ চাৰিওফালে বিয়পি আতংক বাঢ়ি অহাৰ বাবে যোশীমঠ খালী কৰাৰ কাম আৰম্ভ কৰা হৈছে। হেলিকপ্টাৰো প্ৰস্তুত কৰি ৰখা হৈছে।