NORTHEAST NOW (Assamese)
দেশ

শীতৰ বাবে ১৫ জানুৱাৰীলৈকে বন্ধ থাকিব বিদ্যালয়

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী January 8, 2023 9:00 pm

দিল্লী চৰকাৰে দেওবাৰে প্ৰচণ্ড শীতৰ বাবে বাবে ১৫ জানুৱাৰীলৈকে সকলো ব্যক্তিগত বিদ্যালয় বন্ধ কৰি ৰাখিবলৈ নিৰ্দেশ দিছে। দিল্লীত এইবাৰ ইমানেই শীত নামিছে যে দেওবাৰে পুৱা দিল্লীৰ তাপমাত্ৰা নামি আহিছিল ১.৯ ডিগ্ৰী ছেলচিয়াছলৈকে।

বিগত দহ বছৰৰ ভিতৰত এয়া আছিল দিল্লীৰ দ্বিতীয় সৰ্বনিম্ন উষ্ণতা।

ভাৰতৰ বতৰ বিজ্ঞান বিভাগে শনিবাৰে আগন্তুক ২৪ৰ পৰা ৪৮ ঘণ্টা (দেওবাৰ আৰু সোমবাৰলৈকে) ৰেড এলাৰ্ট জাৰি কৰি দিল্লীকে ধৰি উত্তৰ ভাৰতৰ কিছু অংশত ভয়াৱহ ঠাণ্ডা নামিব বুলি সৰ্তকবাণী প্ৰকাশ কৰিছে।

আইএমডিৰ মতে, “দিল্লীৰ বেছিভাগ ঠাইতে এতিয়াও তীব্ৰ ঠাণ্ডাৰ ঢৌ বিয়পি আছে। যোৱা চাৰিদিনে সাংঘাতিক শীত নামিছে ৰাজধানী চহৰত। প্ৰচণ্ড শীতৰ বাবে এতিয়া ব্যাহত হৈ পৰিছে দিল্লীৰ জনজীৱন।  যাৰ বাবে চৰকাৰী বিদ্যালয় সমূহৰ লগতে ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহো বন্ধ ৰাখিবলৈ নিৰ্দেশ দিছে দিল্লীৰ শিক্ষা বিভাগে।