NORTHEAST NOW (Assamese)
Popular Stories

মৰ্মান্তিক! ভাবী স্বামীৰ সৈতে মিলি মাতৃক হত্যা নিজ কন্যাৰ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী August 18, 2024 9:41 am

পুনৰ সংঘটিত হৈছে এক নাৰকীয় ঘটনা৷মাতৃক হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে মৃতকৰ কন্যাক। এই ঘটনাত আৰক্ষীয়ে ভাবী স্বামী আৰু এজন বন্ধুকো গ্ৰেপ্তাৰ কৰিছে।এই ঘটনা দিল্লীৰ নাজাফগড়ৰ৷

আৰক্ষীৰ সূত্ৰ অনুসৰি মূল অভিযুক্তৰ নাম মনিকা সোলাংকি। তেওঁৰ ভাবী স্বামী নবীন কুমাৰ আৰু বন্ধু যোগেশ ওৰফে যোগীক গ্ৰেপ্তাৰ কৰা হৈছে। নবীন নৰেলাৰ বাসিন্দা। যোগেশ হাৰিয়ানাৰ সোণীপটৰ বাসিন্দা।

আৰক্ষীয়ে জনোৱা মতে, শুকুৰবাৰে নিশা এগৰাকী মহিলাই আৰক্ষীক ফোন কৰিছিল। ঘৰৰ ভিতৰৰ পৰা মাতৃৰ পৰা কোনো সঁহাৰি পোৱা নাই বুলিও তেওঁ কয়। দুৱাৰখন ভিতৰৰ পৰা তলা মাৰি থোৱা আছে। তেওঁ আৰক্ষীক দুৱাৰ ভাঙি মাতৃক উদ্ধাৰ কৰিবলৈ অনুৰোধ জনায়। আৰক্ষীয়ে নজাফগড় আৱাসিক ফ্লেটৰ দুৱাৰ ভাঙি ঘৰৰ ভিতৰত পৰি থকা বৃদ্ধাক উদ্ধাৰ কৰে। তেওঁৰ শৰীৰত একাধিক আঘাতৰ চিন আছে। মুখত তেজ আছে। প্ৰাৰম্ভিক তদন্তৰ অন্তত আৰক্ষীয়ে উপলব্ধি কৰে যে মাতৃগৰাকীৰ বহু আগতেই মৃত্যু হৈছে।

মণিকাই দাবী কৰিছিল যে নাজাফগড়ৰ সেই আৱাসিক ফ্লেটটোত মাক অকলে থাকিছিল। প্ৰবীণাৰ বছৰ বয়স আছিল ৫৮ বছৰ। বৃহস্পতিবাৰে তেওঁক লগ কৰিবলৈ গৈছিল। প্ৰবীণা তেতিয়া সুস্থ আছিল। ইয়াৰ পাছতে আৰক্ষীয়ে স্থানীয় চিচিটিভি ফুটেজ পৰীক্ষা কৰে। দেখা গৈছে যে বৃহস্পতিবাৰে নিশা ২:১৮ মান বজাত মণিকা মৃতকৰ ফ্লেটত প্ৰৱেশ কৰিছিল। তাৰ লগত দুজন পুৰুষ। পিছত তেওঁলোকক আৰক্ষীয়ে চিনাক্ত কৰে। তিনিওজনকে গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে। ছোৱালীজনীয়ে কিয় মাকক হত্যা কৰিলে সেয়া এতিয়াও আৰক্ষীৰ আগত স্পষ্ট হোৱা নাই।