NORTHEAST NOW (Assamese)

মণিপুৰৰ টাংখুল সম্প্ৰদায়ৰ প্ৰথমগৰাকী ইংৰাজী কাহিনীকাৰৰ কথাৰে

May 16, 2018 6:58 pm · এন ই নাও নিউজ
ফ'টো ফে'চবুকৰ পৰা সংগ্ৰহৃত

মণিপুৰৰ টাংখুল সম্প্ৰদায়ৰ জিম য়ুংৰাময়াও কাছ’ম সম্প্ৰদায়টোৰ পৰা প্ৰথমগৰাকী ইংৰাজী কাহিনীকাৰ হিচাপে উলাই আহিছে।

যোৱা ১২ মে’ত নতুন দিল্লীত তেওঁৰ প্ৰথমখন গল্পসংকলন ‘Homecoming : And other stories’ৰ আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়।

১৯টা চুটি গল্পৰে সমৃদ্ধ গল্পসংকলনখনত টাংখুল নাগাসকলৰ ইতিসাহৰ কিছু আভাস তুলি ধৰা হৈছে।

গল্পসংকলনখনৰ লেখক কাছ’ম প্ৰাণীবিজ্ঞানৰ স্নাতক হোৱাৰ এগৰাকী ভাল ফ’টোগ্ৰাফাৰো, বিভিন্ন আলোচনীৰ বাবে তেওঁ ফ’টোগ্ৰাফাৰ হিচাপে কাম কৰিছে।

জিম য়ুংৰাময়াও কাছ’মৰ ঘৰ হৈছে মণিপুৰৰ উখৰুল জিলাত। বৰ্তমান তেওঁ কৰ্মসূত্ৰে দিল্লীত থাকে।

তেওঁৰ জীৱনত তেওঁৰ তিনিগৰাকী বুঢ়ীমাকৰ যথেষ্ট প্ৰভাৱ পৰিছে বুলি উল্লেখ কৰি কাছ’মে কয়, ‘মই এখন সৰু গাঁৱত ডাঙৰ হৈছো, য’ত কেৱল ২০০ ঘৰ মানুহ আছে আৰু ইয়াত প্ৰতেকে প্ৰত্যেকক নামেৰে সৈতে চিনি পায়। সেয়ে আমাৰ মাজত এক ঘনিষ্ঠ সামাজিক বান্ধোন আৰু কাহিনী কোৱাৰ এক পৰম্পৰা আছিল। এই কথাবিলাকেই মোক গল্পসমূহ লিখিবলৈ প্ৰেৰণা যোগাইছিল।‘

Related News