NORTHEAST NOW (Assamese)

মণিপুৰৰ মহিলা সংঘলৈ কেন্দ্ৰীয় নগৰ পৰিকল্পনা আৰু গৃহ নিৰ্মাৰ্ণ মন্ত্ৰ্য়ালয়ৰ স্বচ্ছ উৎকৰ্ষ বঁটা

March 25, 2018 10:57 am · সভাপতি চামম

মণিপুৰৰ নিংথৌখোং নগৰস্থিত ‘চাউখাট লুপ ৱ’মেন ডেভলপমেণ্ট ছ’চাইতি’ নামৰ এটা মহিলা সংঘক কেন্দ্ৰীয় নগৰ পৰিকল্পনা আৰু গৃহ নিৰ্মাৰ্ণ মন্ত্ৰ্য়ালয়ৰ তৰফৰ পৰা স্বচ্ছ উৎকৰ্ষ বঁটা প্ৰদান কৰা হয়।

ৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন তিনিজনীয়া কমিটিয়ে নিৰ্বাচন কৰা উক্ত সংঘটোৱে হৈছে এই বঁটা লাভ কৰা ৰাজ্যখনৰ একমাত্ৰ সংস্থা।

২০১৭-১৮ বৰ্ষত পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু অনাময় ব্যৱস্থাৰ ক্ষেত্ৰত কৰা দৃষ্টান্তমূলক কামৰ বাবে তেওঁলোকক এই বঁটা প্ৰদান কৰা হয়।

২৩ মাৰ্চত নতুন দিল্লীত অনুষ্ঠিত এক ৰাষ্ট্ৰীয় কৰ্মশালাত কেন্দ্ৰীয় নগৰ পৰিকল্পনা আৰু গৃহ নিৰ্মাৰ্ণ মন্ত্ৰ্য়ালয়ৰ বিষয়াই ‘চাউখাট লুপ ৱ’মেন ডেভলপমেণ্ট ছ’চাইতি’ৰ সভাপতি খ ইবেমচাউবি আৰু সম্পাদক খ প্ৰমোৰ হাতত প্ৰদান কৰা উক্ত বঁটাত আছে এটা ম্মাৰক, এখন মানপত্ৰ আৰু ৫০,০০০ টকা।

বঁটা গ্ৰহণ কৰি কালি গৃহনগৰত উপস্থিত হোৱা সংঘটোৰ সৰ্মকৰ্তাসকলক উষ্ম আদৰণী জনোৱা হয়।

Related News