NORTHEAST NOW (Assamese)
উত্তৰ-পূব

মুখ্য মন্ত্ৰীৰ উপস্থিতিত যুদ্ধকালীন গতিত মণিপুৰত মথাউৰি মেৰামতিৰ কাম

Posted by: সভাপতি চামম June 13, 2018 9:51 pm
water resource minister letpao haokip in black shirt n commissioner h deleep taking part in repairing work

পূব ইম্ফলৰ নিউ চেকনত থকা ইম্ফল নদীৰ মথাউৰিৰ চিঙা অংশত মেৰামতি কৰাৰ কামটো মণিপুৰৰ মুখ্য মন্ত্ৰী এন বীৰেন সিং আৰু জলসম্পদ মন্ত্ৰী লেতপাও হাওকিপে ব্যক্তিগতভাৱে চোৱাঁ-চিতা কৰিছে।জলসম্পদ মন্ত্ৰী লেতপাও আৰু আয়ুক্ত এইচ্ছ দিলীপে ডিঙিৰ সমান গভীৰ পানীলৈ নামি গৈ চিঙা মথাউৰিৰ অংশখিনি মেৰামতি কৰাত হাত উজান দিয়ে।

মুখ্য মন্ত্ৰীয়ে এই স্থান পৰিদৰ্শন কৰা সময়ত মুখ্য সচিব ড০ সুৰেশ বাবু, আৰক্ষী সঞ্চালক প্ৰধান এল এম খাউটে,  পূব ইম্ফলৰ জিলা উপায়ুক্ত থ চিত্ৰা, ইম্ফলৰ আৰক্ষী অধীক্ষক কে মেঘচন্দ্ৰ আৰু অন্যন্য শীৰ্শস্থানীয় বিষয়াবৰ্গ উপস্থিত আছিল।

গড়কাপ্তানি মন্ত্ৰী থ ছাপম ৰঞ্জন আৰু কৃষি মন্ত্ৰী শ্ৰী ভি হাংকানলিয়ান, বিধায়ক এন ইন্দ্ৰজিৎ আৰু এল ছুছিন্দ্ৰয়ো ক্ষন্তেক সময়ৰ বাবে এই স্থানত উপস্থিত আছিল।

আনহাতে মুখ্য মন্ত্ৰীগৰাকীয়ে মথাউৰিৰ মেৰামতিৰ কাম নিশালৈকে চোৱাঁ-চিতা কৰিছিল।

সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মুখ্য মন্ত্ৰীয়ে কয় যে ইম্ফল নদীৰ উপত্যকাৰ আশে-পাশে থকা প্ৰত্যেকখন জিলাতেই চিঙি থকা মথাউৰিৰ মেৰামতিৰ কাম যিমান পাৰি সোনকালে সম্পন্ন কৰাৰ বাবে চৰকাৰৰ তৰফৰ পৰা যথা সম্ভৱ চেষ্টা কৰা হৈছে।

তেওঁ আৰু জনায় যে মথাউৰি মেৰামতিৰ কামত স্থানীয় বাসিন্দাসকলক সহায় কৰাৰ বাবে নতুনকৈ মকৰল কৰা মণিপুৰ আৰক্ষীৰ লোককে ধৰি ৰাজ্যিক আৰু কেন্দ্ৰীয় বাহিনীসমূহৰ লোকসকলক লগোৱা হৈছে। তেওঁ আশা কৰে যে আব্লিলাকে তেওঁলোকে কামখিনি সম্পূৰ্ণ কৰিব পাৰিব।

তিনি দিন ধৰি ধাৰাসাৰ বৰষুণৰ ফলত ভূমিস্খলন হোৱা ৰাষ্ট্ৰীয় ঘাইপথ-৩৭ (ইম্ফল-জিৰিবাম পথ)সম্পৰ্কত মুখ্য মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ এই সন্দৰ্ভত ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম পৰিসীমিতৰ (National Highway and Infrastructure Development Corporation Limited)বিষয়াবৰ্গৰ সৈতে আলোচনা কৰি যিমান পাৰি সিমান সোনকালে বিকল্প পথ নিৰ্মাণ কৰি স্বাভাৱিক যাতায়াত পুনৰ আৰম্ভ কৰাৰ বাবে নিৰ্দেশ দিছে।

জনসাধাৰণক এই দুৰ্যোগৰ সময়খনিত ধৈৰ্য্য ধৰিবলৈ আৱেদন জনাই তেওঁ কয় যে ১৫খন বিভিন্ন স্থানত আশ্ৰয় শিবিৰ মুকলি কৰা হৈছে আৰু প্ৰভাৱিত এলেকাসমূহলৈ উদ্ধাৰকাৰী দল প্ৰেৰণ কৰা হৈছে।

জলসম্পদ মন্ত্ৰী লেতপাত হাওকিপে কয় যে ঘাইকৈ পাহাৰীয়া এলেকাসূহৰ বৰষুণৰ পানী জমা হোৱা এলেকাত যথেষ্ট বৰষুণ হোৱা হেতুকে নদীসমূহ উপচি পৰি শেহতীয়া বানপানীৰ সৃষ্টি হৈছে। তেওঁ আৰু কয় যে নদীৰ মথাউৰি চিঙি নহয়, এইবাৰৰ বানপানী মথাউৰিৰ উপৰেৰে পানী বাগৰিহে হৈছে।