NORTHEAST NOW (Assamese)
মণিপুৰ

মণিপুৰ বিশ্ববিদ্যালয়ত সপ্তম মহিলা ছায়েন্স কংগ্ৰেছৰ আয়োজন

Posted by: এন ই নাও নিউজ March 18, 2018 10:19 pm

ইণ্ডিয়ান ছায়েন্স কংগ্ৰেছৰ ১০৫তম অধিৱেশন চলি থকাৰ সময়তে আজি ইম্ফলত অৱস্থিত মণিপুৰ বিশ্ববিদ্যালয় কেম্পাছত সপ্তম মহিলা ছায়েন্স কংগ্ৰেছ অনুষ্ঠিত কৰা হয়।

সমাবেশখনত সমগ্ৰ দেশৰে ১০০০ গৰাকীতকৈ অধিক মহিলা বিজ্ঞানীয়ে অংশগ্ৰহণ কৰে।

মণিপুৰ বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত উক্ত অনুষ্ঠানটো উদ্ধোধন কৰে পশ্চিম বংগৰ ৰাজ্যপাল কেশৰী নাথ ত্ৰিপাথিয়ে।

উদ্বোধনী অনুষ্ঠানটোত ইণ্ডিয়ান ছায়েন্স কংগ্ৰেছ এচ’চিয়েশ্যন (আই এছ চি এ)ৰ প্ৰাক্তন সভাপতি অশোক ছাক্সেনা, মণিপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য এ পি পাণ্ডে, আই এছ চি এৰ সাধাৰণ সম্পাদক বিজয় লক্ষ্মী ছাক্সেনাকে ধৰি কেইবা গৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

সমাবেশ উপলক্ষে বিশ্ববিদ্যালয়খনত বিজ্ঞান বিষয়ক কেইবাখনো গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ অয়োজন কৰা হয় য’ত দেশৰ কেইবাখনো আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠানৰ প্ৰতিনিধিয়ে ভাগ লয়।