NORTHEAST NOW (Assamese)
Popular Stories

মণিপুৰত বীভৎস গণ ধৰ্ষণৰ মূল অভিযুক্ত হুইৰেম হেৰোদাছৰ ঘৰ জ্বলাই দিলে একাংশ মহিলাই

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 21, 2023 12:52 pm

মণিপুৰৰ তিনি মহিলাক বিবস্ত্ৰা কৰি ৰাজপথেৰে খোজকঢ়াই নি গণধৰ্ষণ কৰা ঘটনাৰ মূল অভিযুক্ত হুইৰেম হেৰোদাছ মেইটেইৰ ঘৰ জ্বলাই দিলে একাংশ মহিলাই। 

হাতে-হাতে লাঠি লৈ ঘটনাৰ মূল অভিযুক্ত হেৰোদাছ মেইটেইৰ ঘৰত উপস্থিত হয় ৰাজ্যখনৰ নংপক ছেকমাইৰ একাংশ উত্তেজিত মহিলা।

মণিপুৰ আৰক্ষীয়ে টুইটযোগে জনোৱা মতে এতিয়ালৈকে এই ঘটনাৰ লগত জড়িত চাৰিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। 

জানিব পৰা মতে, য়াইৰিপক থানাৰ অধীনস্থ পেচি আৱাং লেইকাইৰ মাতৃগৃহত ডাঙৰ-দীঘল হোৱা হুইৰেম হেৰোডাছ এজন বিবাহিত লোক। আনহাতে ভাইৰেল ভিডিঅ’ ৰেকৰ্ডিং কৰা আন এজন অভিযুক্ত য়ুমলেম্বম জীৱনকো একেদিনাই নংপক ছেকমাইত থকা বাসগৃহৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

পেচি যুৱ উন্নয়ন ক্লাবৰ খেলপথাৰত এক গণ সভা অনুষ্ঠিত কৰি এই অমানৱীয় ঘটনাক গৰিহণা দিয়াৰ লগতে মহিলাৰ বিৰুদ্ধে এনে জঘন্য অপৰাধত জড়িত থকাৰ বাবে পেচি আৱাং লেইকাইৰ পৰা পৰিয়ালসহ হেৰোডাছক বাহিৰ কৰি দিয়াৰ সিদ্ধান্ত লোৱা হয়।

লগতে পঢ়কঃ সামাজিক মাধ্যমত বিয়পি পৰা ভূৱা খবৰেই কাল হ’ল নেকি? মণিপুৰৰ ধৰ্ষণৰ আঁৰৰ কাহিনী