NORTHEAST NOW (Assamese)
অসম

তিৱা পৰিষদীয় নিৰ্বাচন; শাসন আৰু ক্ষমতা লাভৰ লক্ষ্যৰে প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ ব্যাপক তৎপৰতা

Posted by: চানু গগৈ Updated by: চানু গগৈ November 24, 2020 11:28 am

সমাগত তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচন। ১৭ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া এই নিৰ্বাচনৰ বাবে শাসন আৰু ক্ষমতা লাভৰ লক্ষ্যৰে ইতিমধ্যে প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলে ব্যাপক তৎপৰতা আৰম্ভ কৰিছে।

আৰম্ভ হৈছে গাঁৱে-ভূঞে নামঘৰীয়া ৰাজনীতিৰ পাশা খেল।

উল্লেখ্য যে ৩৬ টা সংসদীয় সমষ্টিৰ অন্তৰ্গত ১০ নং তেতেলীয়া সমষ্টিটোতো ইতিমধ্যে আৰম্ভ হৈছে নিৰ্বাচনী আখৰাৰ যুঁজ।

এই মূহুৰ্তলৈ সমষ্টিটোত  শাসক-বিৰোধীকে ধৰি কোনো এটা ৰাজনৈতিক দলে প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই যদিও শাসক বিৰোধীৰ কেইবাজনো প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে ৰাইজৰ মাজত তীব্ৰতৰ কৰি তুলিছে নিৰ্বাচনী প্ৰচাৰ।

ইয়াৰ ভিতৰত কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থিত্বৰ সৱল দাবীদাৰ মতিৰাম দেউৰীয়ে ইতিমধ্যে সমষ্টিটোৰ গাঁৱে-ভূঞে সভা-সমিতি অনুষ্ঠিত কৰি ৰাইজৰ আস্থা তথা অকুণ্ঠ সহাঁৰী লাভ কৰিবলে সক্ষম হৈছে।

ইয়াৰ সমান্তৰালভাৱে,শাসকীয় বিজেপি দলৰ পৰা এইবাৰ প্ৰাৰ্থিত্বৰ সৱল দাবীদাৰ তিৱা যুৱ নেতা কিনাৰাম বৰদলৈ।বৰদলৈয়েও দলীয় প্ৰাৰ্থিত্বৰ বাবে এক প্ৰকাৰ যুঁজ দিবলগীয়া হৈছে।

কিয়নো বিগত সময়ত ১০নং তেতেলীয়া সমষ্টিটো তিৱা জাতীয় ঐক্য মঞ্চৰ নেতা খগেন চন্দ্ৰ বৰদলৈয়ে সমষ্টি উন্নয়নৰ নামত সংঘটিত কৰি অহা সীমাহীন দুৰ্নীতি, কেলেংকাৰীয়ে আনকি শাসন আৰু ক্ষমতা লাভৰ ইপ্সিত অভিষ্ট সিদ্ধিৰ বাবে সামগ্ৰীকভাৱে পৰিষদখনকে অস্থিৰ কৰি তুলিছিল।

গতিকে বিগত কাৰ্যকালত সদস্যগৰাকীৰ কৰ্ম-কাণ্ডই অতিষ্ট কৰি তোলা সমষ্টিবাসী এইবাৰ তেনে নেতাক পোনছাতেই নাকচ কৰি যুৱ প্ৰজন্মই নতুন মুখৰ সন্ধান বিছাৰিছে।

আনহাতে, ২০১০ চনৰ পৰাই তিৱা স্বায়ত্ত পৰিষদখনত তেতিয়াৰ মুখ্যকাৰ্যবাহী সদস্য তথা বৰ্তমানৰ মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে কোটি কোটি টকা পৰিষদৰ উন্নয়নৰ পূঁজি আত্মসাৎ কৰি পৰিষদখনক তচনছ কৰা বুলিও খোদ সদৌ তিৱা ছাত্ৰ সন্থাই বিভিন্ন সময়ত আন্দোলন প্ৰতিবাদ কৰি আহিছিল।

এনে প্ৰেক্ষাপটত পুনৰ যদি পূৰ্বৰ সদস্যগৰাকীক বিজেপিয়ে দলীয় টিকট প্ৰদান কৰে তেতিয়া হ’লে নিশ্চিত ৰূপত যে বিজেপিয়ে মুখথেকেচা খাব সেয়াও খাটাং।

সেয়ে এই মুহূৰ্তলৈ ১০ নং তেতেলীয়া সমষ্টিৰ ভোটাৰ ৰাইজৰ মনত এনেবোৰ প্ৰশ্নই বিবুদ্ধিত পেলাইছে শাসক বিৰোধী শিবিৰৰ আভ্যন্তৰীণ মহলত।

স্মৰ্তব্য যে, তিৱা জনগোষ্ঠীটোৰ সম বিকাশ  আৰু সম উন্নয়নৰ দিশত ১৯৯৩ চনতে গঠন হোৱা তিৱা স্বায়ত্ত পৰিষদখনক দুৰ্নীতিমুক্ত কৰি গতিশীল কৰিবলৈ ৰাজনৈতিক দল সমূহৰ সদিচ্ছা হ’বলৈ আৰু কিমান দিন ভূমিপুত্ৰ তিৱা ৰাইজৰ লগতে অতিৱা ৰাইজে অপেক্ষা কৰিব লাগিব বুলিও এতিয়া সমষ্টিটোৰ ৰাইজৰ মাজত সৰৱ চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে।