NORTHEAST NOW (Assamese)
অসম

প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ অন্তিম শয়ণ যাত্ৰা; ২৬ নৱেম্বৰত সম্পন্ন কৰা হ’ব অন্ত্যেষ্টিক্ৰিয়া

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া November 24, 2020 10:32 am
WhatsApp Image 2020-11-24 at 9.54.55 AM

GMCH ৰ পৰা পুৱা ৯:৪০ বজাত প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ নশ্বৰ দেহ এখন পুষ্পসজ্জিত বাহনেৰে নিয়া হয়।

ইয়াৰ পৰা পোনে পোনে নিয়া হ’ব গগৈৰ দিচপুৰস্থিত চৰকাৰী আৱাস গৃহলৈ।

তাত শ্ৰদ্ধাঞ্জলি জনাই পোনে পোনে জনতা ভৱনলৈ অনা হ’ব গগৈৰ নশ্বৰ দেহ।

তাত সচিবালয়ৰ বিষয়া-আমোলা তথা কৰ্মচাৰীসকলে শেষ শ্ৰদ্ধাঞ্জলি জনাব।

তাৰ পাছত গগৈৰ নশ্বৰ দেহ অনা হ’ব ৰাজীৱ ভৱনলৈ। তাত ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ ব্যৱস্থা কৰিছে প্ৰদেশ কংগ্ৰেছে।

বিয়লি প্ৰায় ৪ বজাত শংকৰদেৱ কলাক্ষেত্ৰলৈ নিয়া হ’ব গগৈৰ নশ্বৰ দেহ।

আজি ৰাতিটো আৰু কাইলৈ দিনটো কলাক্ষেত্ৰত গগৈৰ নশ্বৰ দেহ ৰখাই অহা ২৬ নৱেম্বৰত অন্তেষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব।

বৰ্তমানলৈকে অন্ত্যেষ্টিক্ৰিয়াৰ স্থান নিৰ্ধাৰণ হোৱা নাই।

গগৈক শেষ দৰ্শন দিবলৈ অগণন গুণমুগ্ধই ভিৰ কৰে GMCH চৌহদত।