NORTHEAST NOW (Assamese)

মণিপুৰ ৰাজ্যিক দিৱসত চাৰিখন মহাদেশৰ খেলুৱৈয়ে ভাগ ল’ব মহিলা প’ল’ টুৰ্নামেণ্টত

January 16, 2018 9:52 pm · সভাপতি চামম

মণিপুৰ ৰাজ্যিক দিৱসৰ লগত সংগতি ৰাখি অহা ১৭-২১ জানুৱাৰিত অনুষ্ঠিত কৰা মহিলা প’ল’ টুৰ্নামেণ্টত চাৰিখনকৈ মহাদেশৰ খেলুৱৈয়ে ভাগ ল’ব। এই কথা এন ই নাওক জনাইছে মণিপুৰ পৰ্য্যটন বিভাগে।

বিভাগৰ সূত্ৰই জনোৱা মতে, প্ৰতিযোগিতাখনত ভাৰতক প্ৰতিনিধিত্ব কৰি মণিপুৰ মহিলা প’ল’ দলটোৱে ভাগ লোৱাৰ লগতে অষ্ট্ৰেলিয়া, কেনিয়া আৰু আমেৰিকাৰ দলেও ভাগ ল’ব। এই আন্তঃৰাষ্ট্ৰীয় দলকেইটাক ভাৰত চৰকাৰৰ পৰ্য্যটন মন্ত্ৰ্যালয়ে স্প’নছ’ৰ কৰা বুলি বিভাগটোৰ সূত্ৰই জানিবলৈ দিছে।

উল্লেখযোগ্য যে এই প্ৰতিযোগিতাখন হ’ব এতিয়াও ব্যৱহৃত হৈ থকা বিশ্বৰ প্ৰাচীনতম প’ল’গ্ৰাউণ্ড মেপল কাংজেইবাঙত।

‘আমি মণিপুৰক ভাৰতৰ ভিতৰতে প’ল’ খেলৰ এটা আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰ হিচাপে বিকাশ কৰিব খোজো। আৰু আমাৰ খ্যাতিমান মহিলাসকলৰ সহায়ত মণিপুৰক মহিলাৰ প’ল’ৰ বাবেও এটা উত্তম স্থান হিচাপে গঢ় দিব বিচাৰো।’ এই বুলি কয় মণিপুৰৰ পৰ্য্যটন বিভাগৰ মুখ্য সচিব পি কে সিঙে।

সূত্ৰটোৱে জানিবলৈ দিয়া মতে এই বছৰৰ প্ৰতিযোগিতাখনত ভাৰতৰ তিনিটা মহিলা প’ল’ দলে যোগদান কৰিব। ইয়াৰে ইণ্ডিয়া প’ল’ এছ’চিয়েশ্যনৰ দলটোক মনিকা চাক্সেনাই নেতৃত্ব দিয়াৰ লগতে আন দুটা মণিপুৰৰ দল, ক্ৰমে মণিপুৰ মাৰ্জিঙক চলাম সুমিতা দেৱী আৰু মণিপুৰ থাংজিংক লেইশ্ৰাম থাদৈয়ে।

অল মণিপুৰ প’ল’ এছ’চিয়েশ্যনৰ সভাপতি কে শৰৎচন্দ্ৰ সিঙে কয়, ‘তৃতীয় সংস্কৰণৰ ৰাজ্য দিৱস-মহিলা প’ল’ টুৰ্নামেণ্টৰ অংশীদাৰ হ’বলৈ পাই অল মণিপুৰ প’ল’ এছ’চিয়েশ্যন অতিশয় আনন্দিত।’

আনহাতে আমেৰিকাৰ মহিলা প’ল’ দলটোৰ অলিভিয়া ষ্ট্ৰিংগাৰয়ে কয়, ‘মই মণিপুৰলৈ আকৌ আহিবলৈ পাই অত্যন্ত আনন্দিত হৈছো। ইয়াৰ আগতে মই মোৰ স্বামীৰ খেল চাবলৈ চাংহাই উৎসৱৰ সময়ত মণিপুৰলৈ আহিছিলো। গতিকে মই মহিলা খেলুৱৈসকলক লগ পাবলৈ অধীৰ হৈ আছো।’

Related News