NORTHEAST NOW (Assamese)

মন্ত্ৰী অতুল বৰাৰ পৃষ্ঠপোষকতাত বোকাখাতত বিধায়ক কাপ আন্তঃগাওঁপঞ্চায়ত ফুটবল প্ৰতিযোগিতা

January 28, 2018 10:22 am · উত্তম শইকীয়া
Updated: January 28, 2018 2:36 pm

ক্ৰীড়াৰ মাজেৰে ৰাইজৰ মাজত সোমোৱাৰ চেষ্টাৰে বোকাখাত সমষ্টিৰ বিধায়ক তথা কৃষি মন্ত্ৰী অতুল বৰাই নিজৰ উদ্যোগত আয়োজন কৰিলে বিধায়ক কাপ আন্তঃপঞ্চায়ত ফুটবল প্ৰতিযোগিতা৷ মন্ত্ৰীজনৰ পৃষ্ঠপোষকতাত বোকাখাতৰ কৈলাখাত খেলপথাৰত আজিৰ পৰা আৰম্ভ হৈছে এই প্ৰতিযোগিতা। প্ৰতিযোগিতাৰ খেলবোৰ বোকাখাত সমষ্টিৰ ২০খন গাওঁপঞ্চায়তৰ মাজত পাঁচটা গ্ৰুপত অনুষ্ঠিত হ’ব।

ফিটা কাটি, চাকি জ্বলাই অতুল বৰাই খেলুৱৈসকলৰ সৈতে চিনাকি হৈ ফুটবলত কিক মাৰি খেল উদ্বোধন কৰাৰ লগতে প্ৰতিযোগিতাও মুকলি কৰে৷ কৈলাখাত খেলপথাৰত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠানটোত মন্ত্ৰী অতুল বৰাৰ উপৰি ভৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সম্পাদক দেৱপ্ৰদীপ বৰা,  নুমলীগড় শোধনাগাৰৰ প্ৰবন্ধক মিণ্টু সন্দিকৈ, গোলাঘাট জিলাৰ অতিৰিক্ত উপায়ুক্ত উৎপল দলে, আৰক্ষী অধীক্ষ মানবেন্দ্ৰ দেব ৰয়, মহকুমাধিপতি ধীৰজ দাস, অসম গণ পৰিষদৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক দিলীপ শইকীয়া,  কাৰ্যনিৰ্বাহক সদস্য জীৱেশ্বৰ বৰা, চন্দ্ৰ শৰ্মা আৰু যতীন নাথ, জিলা সভাপতি জগত কলিতা,  সদৌ অসম সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাকে আদি কৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ এই প্ৰতিযোগিতাৰ জৰিয়তে বোকাখাত সমষ্টিৰ গাৱেঁ-ভূঞে লুকাই থকা ক্ৰীড়া প্ৰতিভাক উলিয়াই অনাৰ চেষ্টা কৰা বুলি সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰাই উদ্বোধনী ভাষণত উল্লেখ কৰে।

উদ্বোধনী অনুষ্ঠানটোতে সমষ্টিটোৰ পাঁচখন পঞ্চায়তৰ প্ৰায় শতাধিক প্ৰবীণ খেলুৱৈক মন্ত্ৰী অতুল বৰাই ফুলাম গামোচা আৰু মানপত্ৰৰে সম্বৰ্ধনা জনায়৷

আজিৰ উদ্বোধনী খেল অনুষ্ঠিত হয় মহমাইকী গাওঁপঞ্চায়ত একাদশ আৰু দক্ষিণ কাজিৰঙা গাওঁপঞ্চায়ত একাদশৰ মাজত৷ খেলখনত ম’হমাইকী গাওঁপঞ্চায়ত একাদশে দক্ষিণ কাজিৰঙা গাওঁপঞ্চায়ত একাদশক ১-০ গ’লৰ ব্যৱধানত পৰাভূত কৰে ৷

প্ৰতিযোগিতাৰ পৰৱৰ্তী খেলসমূহ ক্ৰমে বোকাখাত ৰাজহুৱা খেলপথাৰ, বৰজুৰি, মহুৰামুখ আৰু বাদুলীপাৰ খেলপথাৰত অনুষ্ঠিত হ’ব৷

 

Related News