NORTHEAST NOW (Assamese)

মহানগৰীত চলন্ত অৱস্থাতে দপদপাই জ্বলি উঠিল চিটিবাছ : কথমপি বিপদৰ পৰা বাছিল যাত্ৰী

March 26, 2018 8:58 pm · এন ই নাও নিউজ

আজি পুৱা ১১.৩০ বজাত মহানগৰীৰ জালুকবাৰী ৰেইলৱে’ অভাৰ ব্ৰীজৰ তলত এখন চলি থকা চিটি বাছত হঠাতে জুই লাগে। জালুকবাৰী আৰক্ষীৰ সূত্ৰই জনোৱামতে, ব্যতিক্ৰমী যান্ত্ৰিক বিজুতিৰ ফলতে বাছখনত চলি থকা অৱস্থাতে জুইৰ সূত্ৰপাত ঘটে।

যাত্ৰীসকলৰ ভাষ্যমতে মা লক্ষ্মী নামৰ বাছখনত ইঞ্জিনৰ জুই ওলোৱা দেখি তেওঁলোক ততাতৈয়াকৈ নামি যায় আৰু ফলত কোনো আহত নহ’ল।

আৰক্ষীৰ সূত্ৰই জনোৱা মতে বাছখন টাটা কোম্পানীৰ আলট্ৰা বাছ আছিল আৰু বাছখনৰ নম্বৰ হ’ল AS O1FC 1560.

উল্লেখযোগ্য যে কোনো বাহ্যিক কাৰণ নোহোৱাকৈ এইদৰে ইঞ্জিনৰ বিজুতিত ৰাজপথতে আৰু চলন্ত অৱস্থাতে জুই লগা ঘটনাই সকলোকে আচৰিত কৰিছে।

Related News