NORTHEAST NOW (Assamese)

মহানগৰীত প্ৰাক্তন আৰক্ষী বিষয়াৰ পুত্ৰক ড্ৰাগচসহ গ্ৰেপ্তাৰ

February 11, 2018 6:01 pm · এন ই নাও নিউজ

আজি মহানগৰীত আৰক্ষীয়ে অভিযান চলাই এজন প্ৰাক্তন আৰক্ষী বিষয়াৰ পুত্ৰক অবৈধ ড্ৰাগচৰ সৈতে গ্ৰেপ্তাৰ কৰে।

প্ৰাপ্ত তথ্য মতে আজি আৰক্ষীয়ে অসম আৰক্ষীৰ প্ৰাক্তন বিষয়া মন মোহন ডেকাৰ পুত্ৰ মিংকুমনি ডেকাক তেওঁৰ নুনমাটি বিষ্ণু ৰাভা নগৰৰ নিজা বাসভৱনৰ পৰা আটক কৰে। আৰক্ষীয়ে লগতে মিংকুমনিৰ পৰা অবৈধ নিচাজাতীয় সামগ্ৰী আৰু ১০ গ্ৰাম ড্ৰাগচ উদ্ধাৰ কৰে।

নুনমাটিৰ সহকাৰী আৰক্ষী আয়ুক্ত পূৰবী মজুমদাৰে এক নিৰ্ভৰযোগ্য সূত্ৰ পৰা খবৰ লাভ কৰি এই অভিযানৰ নেতৃত্ব দিছিল।

আনহাতে মহানগৰীত এইদৰে এজন প্ৰাক্তন আৰক্ষী বিষয়াৰ পুত্ৰক অবৈধ ড্ৰাগচৰ সৈতে গ্ৰেপ্তাৰ কৰা ঘটনাই ৰাজ্যখনত নিচাজাতীয় সামগ্ৰী আৰু ড্ৰাগচৰ ৰমৰমীয়া বেহা চলি থকা কথাটোকে প্ৰমাণ কৰিছে। মন কৰিব লগীয়া যে এনেদৰে ৰাজ্যখনত ড্ৰাগচ তথা নিচাজাতীয় সামগ্ৰীৰ অবাধ বেহা চলি থাকিলে অতি শীঘ্ৰে মহানগৰীখন এক অপৰাধজনিত মহানগৰীলৈ পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে।

Related News