NORTHEAST NOW (Assamese)

মহানগৰীত ২৮ জানুৱাৰিত ফাৰহান আখটাৰৰ সংগীতানুষ্ঠান

January 22, 2018 10:25 am · এন ই নাও নিউজ

বলিউদৰ জনপ্ৰিয় গায়ক তথা অভিনেতা ফাৰহান আখতাৰে অহা ২৮ জানুৱাৰিত গুৱাহাটীত এক সংগীতানুষ্ঠান পৰিদৰ্শন কৰিব। গুৱাহাটীৰ ভেটাপাৰাস্থিত হকী ষ্টেডিয়ামত ফাৰাহান লাইভ নামৰ উক্ত সংগীতানুষ্ঠানটো অনুষ্ঠিত হ’ব।

ইতিমধ্যে দিল্লী, ইণ্ডোৰ, মাংগালোৰ, লখনৌ, আহমেদাবাদ, বাংগালুৰ, হাইদৰাবাদ আদি দেশৰ বিভিন্ন নগৰ-মহানগৰত ফাৰহান লাইভ সংগীতানুষ্ঠান অনুষ্ঠিত হৈ আহিছে।

সংগীতানুষ্টানটোত অংশ গ্ৰহণ তথা উপভোগ কৰিবলৈ ইচ্ছুক সংগীতপ্ৰেমী সকলে ৯৭১৮৯৯৭১৮৯ নম্বৰত মিছকল দিব পাৰে।

উল্লেখযোগ্য যে বহুমুখী প্ৰতিভাৰ অধিকাৰী ফাৰহান আখটাৰ আৰু তেওঁৰ বেণ্ডৰ দ্বাৰা পৰিৱেশিত ফাৰহান লাইভ দেশৰ ভিতৰতে বহুল জনপ্ৰিয় এক আগশাৰী ৰক সংগীতানুষ্ঠান।

ইয়াৰ পূৰ্বেও গুৱাহাটীত সংগীত পৰিৱেশন কৰা জনপ্ৰিয় শিল্পী গৰাকীয়ে  ২০১৪ চনৰ এপ্ৰিলত গুৱাহাটীত অনুষ্ঠিত ব্ৰহ্মপুত্ৰ ভেলী চলচ্চিত্ৰ মহোৎসৱত বিশেষ অতিথি হিচাপে অংশ গ্ৰহণ কৰিছিল।

Related News