NORTHEAST NOW (Assamese)
অসম

মহানগৰীৰ বশিষ্ঠত দীৰ্ঘ সময় ধৰি বাথৰূমত আবদ্ধ হৈ থাকিল বাঘ

Posted by: এন ই নাও নিউজ December 24, 2017 11:08 am
মহানগৰীৰ বশিষ্ঠত দীৰ্ঘ সময় ধৰি বাথৰূমত আবদ্ধ হৈ থাকিল বাঘ

ৰাজ্যৰ বিভিন্ন প্ৰান্তত বনৰীয়া হাতী, গঁড় আৰু বাঘে সন্ত্ৰাস চলোৱাৰ ফলত জনসাধাৰণ চৰম হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হৈছে। তাৰেই এক অনুৰূপ ঘটনা সংঘটিত হ’ল মহানগৰীৰ বশিষ্ঠৰ লতাকটা অঞ্চলত। জানিব পৰা মতে লতাকটা অঞ্চলৰ নিবাসী প্ৰতিভা দাসৰ ঘৰৰ চৌহদত নিশা স্থানীয় কোনো লোকে এটা বাঘে মুক্ত বিচৰণ কৰি থকা দেখা পায়। তেনে সময়তে ৰাইজে চিঞৰ-বাখৰ কৰাত বাঘটোৱে প্ৰতিভা দাসৰ বাথৰুমত সোমাই পৰে। স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি প্ৰায় ডেৰ ঘণ্টা সময় ধৰি বাঘটো বাথৰূমতে আবদ্ধ হৈ আছিল।

স্থানীয় ৰাইজে বশিষ্ঠ আৰক্ষীক খবৰ দিয়াত কিছু সময় পাছত ঘটনাস্থলীত আৰক্ষীৰ এটা দল উপস্থিত হয়। আৰক্ষীৰ উপস্থিতিত চেগ বুজি বাঘটো বাথৰূমৰ পৰা ওলাই পলায়ন কৰে। স্থানীয় লোকে বাঘটোক লতামাকৰী বাঘ বুলি সন্দেহ কৰে। মহানগৰবাসীৰ বাবে এয়া নতুন ঘটনা নহয়। কেতিয়াবা যদি বাঘ ড্ৰয়িং ৰূমৰ আলহী হয় আন কেতিয়াবা আকৌ বাঘে বাথৰূমত প্ৰবেশ কৰে । ঘটনাস্থলীৰ পৰা বাঘটোৱে যদিও পলায়ন কৰিছিল তথাপিও লতাকটা অঞ্চলত ৰাইজৰ মাজত বৰ্তমানো বাঘৰ আতংক কমা নাই। এন্ধাৰ হৈ অহাৰ লগে লগে অঞ্চলটোত মুকলি মনেৰে চলা-ফুৰা কৰাত  শংকা বৃদ্ধি পাইছে স্থানীয় ৰাইজৰ।