NORTHEAST NOW (Assamese)

মহিলাৰ একাউণ্টৰ পৰা প্ৰৱঞ্চনাৰে ধন সৰকাই নিয়াত তিতাবৰত গ্ৰেপ্তাৰ আছু নেতা

February 15, 2018 10:33 pm · এন ই নাও নিউজ

তিতাবৰৰ ধলাজন প্ৰাথমিক গোট ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ৰঞ্জিত কলিতাই প্ৰৱঞ্চনাৰে এ টি এমৰ জৰিয়তে এগৰাকী মহিলাৰ একাউণ্টৰ পৰা ধন সৰকাই নিয়া ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে তিতাবৰৰ ধলাজন প্ৰাথমিক গোট ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ৰঞ্জিত কলিতাই স্থানীয় এজন ব্যক্তিক পাঁচ হাজাৰ টকা ধাৰ বিচৰাত খগেন গোহাঁই নামৰ ব্যক্তিজনে হাতত টকা নাই বুলি কোৱাৰ লগতে বেংকত থকা বুলি ব্যক্ত কৰে, আনহাতে নিৰক্ষৰতাৰ বাবেই এ টি এম চলাব নেজানো বুলিও উল্লেখ কৰি ধন ধাৰে দিয়াত অস্বীকাৰ কৰে।

কিন্তু প্ৰৱঞ্চক আছু নেতা ৰঞ্জিত কলিতাই বলপূৰ্বক ভাবে তেওঁ সকলো জানে বুলি কৈ খগেন গোহাঁই নামৰ ব্যক্তিজনৰ পত্নী পূণ্য গোহাঁইক এটা এ টি এম কাউণ্টাৰলৈ লৈ যায় আৰু এ টি এম কাৰ্ডৰ জৰিয়তে ছল্লিছ হাজাৰ টকা উলিয়াই দিয়াৰ লগতে অতি কৌশলেৰে অন্য এখন এ টি এম তুলি দিয়ে। নিৰক্ষৰ মহিলা গৰাকীয়ে ধন লৈ উভতি অহাৰ পাছত দ্বিতীয় দিনা পুনৰ ধনৰ প্ৰয়োজন হোৱাত অন্য এজন যুৱকৰ লৈ এ টি এমৰ পৰা ধন সংগ্ৰহ কৰিবলৈ যোৱাতহে সমগ্ৰ ঘটনা পোহৰলৈ আহে।

কাউণ্টাৰৰ পৰা বাৰম্বাৰ ধন লবলৈ চেষ্টা কৰি বিফল হোৱাত লগে লগে যুৱক জনক লৈ মহিলা গৰাকী বেংকত উপস্থিত হৈ একাউণ্টটোৰ পৰীক্ষা নিৰীক্ষা কৰাত বেংকৰ একাউন্টত থকা ধনৰ এটকাও নাই বুলি জানিব পাৰে।

সমগ্ৰ ঘটনা সন্দৰ্ভত মহিলাগৰাকীয়ে জালুকনিবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰাৰ পাছতে অতি তৎপৰতাৰে জালুকবাৰী আৰক্ষীয়ে এক গোচৰ পঞ্জীয়ন কৰি প্ৰবঞ্চক ৰঞ্জিত কলিতাক গ্ৰেপ্তাৰ কৰে।

 

Related News