NORTHEAST NOW (Assamese)
মেঘালয়

মেঘালয়ৰ ভোটাৰ তালিকাত মহিলা ভোটাৰৰ সংখ্যাই চেৰাই গৈছে পুৰুষক

Posted by: এন ই নাও নিউজ January 11, 2018 11:34 am
মেঘালয়ৰ নিৰ্বাচন

আগন্তুক মেঘালয় বিধানসভা নিৰ্বাচনৰ বাবে প্ৰস্তুত কৰা চূড়ান্ত ভোটাৰ তালিকাখন প্ৰকাশ কৰা হৈছে।

লক্ষণীয় যে এইবাৰৰ ভোটাৰ তালিকাত পুৰুষতকৈ মহিলা ভোটাৰৰ সংখ্যা অধিক।

মেঘালয়ৰ মুখ্য নিৰ্বাচন বিষয়া এফ আৰ খাৰকংগাৰে জনোৱা অনুসৰি কালি প্ৰকাশ কৰা ১৮.৩০ লাখটকৈ অধিক ভোটাৰ পঞ্জীয়নভুক্ত হোৱা তালিকাখনৰ ৫০.৪ শতাংশই মহিলা ভোটাৰ।

ৰাজ্যখনৰ ৬০ বিধানসভা সমষ্টিৰ ৩০৮২টা ভোটদান কেন্দ্ৰত অনুষ্ঠিত হ’ব লগীয়া নিৰ্বাচনটোত ৯,২৩,৮৪৮গৰাকী মহিলা ভোটাৰৰ বিপৰীতে পুৰুষ ভোটাৰৰ সংখ্যা হৈছে ৯,০৬,২৫৬ গৰাকী।

আনহাতে এইবাৰৰ ভোটাৰ তালিকাত ১৮ৰ পৰা ১৯ বছৰৰ ভিতৰৰ ৪২,৮৪৩ গৰাকী যুৱ ভোটাৰৰ নাম সন্নিবিষ্ট হৈছে বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে মেঘালয়ৰ চলিত বিধান সভাৰ ম্যাদ ৬ মাৰ্চত অন্ত পৰিব। যিকোনো মূহুৰ্ততে নিৰ্বাচন আয়াগে তাৰিখ ঘোষণা কৰিব পৰা নিৰ্বাচনটোৰ বাবে সকলো প্ৰস্তুতি সম্পুৰ্ণ কৰি তুলা হৈছে।