NORTHEAST NOW (Assamese)
অসম

মহিলা সবলীকৰণৰ ওপৰত আধাৰিত উপন্যাস ‘লিচ্‌ন টু মাই হাৰ্টবিট’

Posted by: পায়েল ভট্টাচাৰ্যি April 9, 2018 5:53 pm
HeartBeat-570x320

লেখিকা প্ৰজ্ঞা জি এছৰ প্ৰথম প্ৰকাশিত কিতাপ ‘লিচ্‌ন টু মাই হাৰ্টবিট’ মহিলা সবলীকৰণৰ  ওপৰত আধাৰিত এখন কিতাপ। তেওঁ অসম ৰাজ্যিক চিৰিয়াখানা আৰু বৃক্ষ উদ্যানৰ ডিভিজনেল ফৰেষ্ট অফিচাৰ তেজস মৰিস্বামীৰ পত্নী।

দিল্লীত জন্মলাভ কৰা প্ৰজ্ঞা জি এছে জীৱনৰ অধিকভাগ সময়েই কৰ্ণাটকত কটাইছিল। ইলেক্ট্ৰনিকছ আৰু কমিউনিকেশ্যনছত তেওঁ আভিযান্ত্ৰিক স্নাতক ডিগ্ৰী লাভ কৰিছিল।বেংগালুৰুত তেওঁ নিজৰ ক্ষেত্ৰখনত এটা চাকৰিত নিয়োজিত হোৱাৰ পাছত তেওঁ চাকৰি বাদ দি লিখাত মনোনিৱেশ কৰে।

খিৰিকিৰে বৰষুণৰ টোপালৰ প্ৰাণ ভুলোৱা টপ্‌টপ্‌ শব্দ শুনি  একাপ কফিৰে সৈতে এখন উপন্যাস পঢ়ি তেওঁ খুব ভাল পায়।

তেওঁ আকাশৰ তৰা চাই কাহিনী সৃষ্টি কৰি ভাল পায়। তেওঁক প্ৰাচীন সভ্যতাৰ কাহিনীয়ে মুগ্ধ কৰে, যিহে তেওঁক সদায় আশ্বৰ্যচকিত কৰি ৰাখে।

‘লিচ্‌ন টু মাই হাৰ্টবিট’ হৈছে প্ৰজ্ঞাৰ সৃষ্টিশীল চিন্তাৰ যথাৰ্থ প্ৰতিফলন।

আত্মপ্ৰকাশ কৰা উপন্যাস হিচাপে এই উপন্যাসখনে যুক্তিপূৰ্ণভাৱে কাহিনীটো আগবঢ়াই লৈ গৈছে। য’ত  কাহিনীয়ে দাবী কৰিছে তেতিয়াই এটা প্ৰত্যশিত বিৰাম দিয়া গৈছে।

এই কিতাপখন পঢ়িলে মন-প্ৰাণ সতেজ হৈ পৰে। উপন্যাসখনৰ চৰিত্ৰসমূহৰ সৈতে আমি একাত্ম হৈ পৰাৰ অৱকাশ আছে। উপন্যাসখনত একক পিতৃ-মাতৃৰ সন্তানৰ সমস্যা আৰু মহিলা সবলীকৰণ আদি সামাজিক বিষয়সমূহকো চুই যোৱা হৈছে।

‘লিচ্‌ন টু মাই হাৰ্টবিট’ৰ কাহিনী সময়ে সময়ে দুৰ্নীবাৰ অনুভুতি আৱেগে তেওঁলোকৰ সম্পৰ্কৰ মাজলৈ ভাবুকি লৈ অহা কলেজীয়া জীৱনত প্ৰৱেশ কৰা পাঁচজন বন্ধুৰ কাহিনী।