NORTHEAST NOW (Assamese)

মাউণ্ট এভাৰেষ্টৰ পুনৰ মাপ : ভাৰতৰ প্ৰস্তাৱ অগ্ৰাহ্য নেপালৰ

December 28, 2017 5:41 pm · এন ই নাও নিউজ

২০১৫ চনৰ নেপালৰ বৃহৎ ভূমিকম্পৰ পিছত মাউণ্ট এভাৰেষ্টৰ উচ্চতা নেপালৰ সৈতে যুটিয়াভাৱে পুনৰ জোখ লোৱাৰ বাবে ভাৰতে আগবঢ়োৱা প্ৰস্তাৱ নেপাল চৰকাৰে অগ্ৰাহ্য কৰিছে। নেপালে জনোৱা অনুসৰি তেওঁলোকে নিজাববীয়াকৈ এই কাম কৰিব। উল্লেখযোগ্য যে হিমালয় ৰাষ্ট্ৰখনক ধ্বংসস্তুপত পৰিণত কৰা ২০১৫ চনৰ এপ্ৰিলৰ ৭.৮ ৰিখাটৰ প্ৰাবল্যৰ ভূমিকম্পত ৮ হাজাৰ জনতকৈও অধিক লোকৰ প্ৰাণ হানি হোৱাৰ উপৰি লাখ লাখ লোক গৃহহাৰা হৈছিল। সেই ভূমিকম্পৰ পিছৰে পৰা বিজ্ঞানী সকলে এভাৰেষ্টৰ উচ্চতা সন্দৰ্ভত সন্দেহ প্ৰকাশ কৰি আহিছে। নেপালৰ জৰীপ বিভাগৰ সৈতে যুটিয়াভাৱে ‘ভাৰত-নেপাল যুটিয়া বৈজ্ঞানিক অনুশীলন’ হিচাপে মাউণ্ট এভাৰেষ্টৰ উচ্চতা পুনৰ নিৰ্ধাৰণৰ বাবে ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা বিভাগৰ অধীনৰ ২৫০ বছৰীয়া পুৰণি ভাৰতৰ জৰীপ বিভাগে নেপাল চৰকাৰক এটা প্ৰস্তাৱ আগবঢ়াইছিল। চীনকে ধৰি পৃথিৱীৰ বিভিন্ন দেশৰ জৰীপকাৰী আৰু বিজ্ঞানীৰ এখন আলোচনা সভাত ভাৰতেও অংশ গ্ৰহণ কৰিছিল। অৱশ্যে জৰীপ প্ৰক্ৰিয়াৰ বাবে প্ৰয়োজনীয় গুৰুত্বপূৰ্ণ তথ্যৰ ক্ষেত্ৰত চীন আৰু ভাৰতৰ পৰা নেপালে সহযোগিতা বিচাৰিব। নেপালে ভাৰতৰ পৰা উচ্চতা সম্পৰ্কীয় আৰু চীনৰ পৰা গ্ৰেভিটি দাতা (Gravity Data) বিচাৰিছে। এই তথ্য সমূহ মাউণ্ট এভাৰেষ্টৰ উচ্চতা নিৰ্ধাৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সহায়ক হ’ব।

Related News