NORTHEAST NOW (Assamese)
অসম

মাচুল বৃদ্ধিৰ বিৰুদ্ধে দেশৰ তিনিওখন টিছৰ লগতে গুৱাহাটীৰ টাটা ইনষ্টিটিউট অৱ চ’শ্বেল চাইন্সেজৰ ছাত্ৰ-ছাত্ৰীৰো প্ৰতিবাদ

Posted by: নবাৰুন গুহ February 23, 2018 4:22 pm

টাটা ইনষ্টিটিউট অৱ চ’শ্বেল চাইন্সেজত পঢ়ি থকা বৃত্তিপ্ৰাপ্ত অনুসূচিত জাতি, জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ পৰা টিউশ্বন ফিজ, দাইনিং আৰু হষ্টে’ল ফিজ সংগ্ৰহ কৰাৰ বাবে কৰ্তৃপক্ষই লোৱা সিদ্ধান্তৰ প্ৰতিবাদত দেশৰ বাকী তিনিটা টিছ চৌহদৰ লগতে বৃ্হস্পতিবাৰে গুৱাহাটীৰ টিছৰ ছাত্ৰ-ছাত্ৰীসকলেও ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে।

বুধবাৰৰ পৰা আৰম্ভ হোৱা এই প্ৰতিবাদক উচ্চ শিক্ষাৰ অনুষ্ঠানসমূহৰ ব্যক্তিগতৰণৰ বিৰুদ্ধে এক যুঁজ হিচাপে গণ্য কৰা হৈছে।

টিছৰ গুৱাহাটীৰ লগতে মুম্বাই, হায়দৰাবাদ আৰু তুলজাপুৰত কেম্পাছ আছে।

শ্ৰেণী বৰ্জন কৰি ছাত্ৰ-ছাত্ৰীসকলে শ্ল’গান দি এক প্ৰতিবাদী সমদল উলিয়াই আৰু সকলো বিদ্যায়তনিক কাম-কাজ বন্ধ কৰি দিয়ে। তেওঁলোকে দাবী কৰিছে যে প্ৰতিষ্ঠানটোৱে তেওঁলোকৰ সকলো আৰ্থিক অনুদান বাতিল কৰিছে।

২০১৭ চনৰ মে’ত ওলোৱা এক জাননীত কোৱা হৈছে যে ২০১৬ চনৰ পৰা ভৰ্তি হোৱা ছাত্ৰ-ছাত্ৰীসকলে থকা আৰু খোৱাৰ বাবদ প্ৰতি ষান্মাষিকত ৫০ হাজাৰ টকাকৈ ভৰিব লাগিব।

বিশ্ববিদ্যালয় অনুদান আয়োগে পুঁজি নাটনিক কাৰণ হিচাপে দেখুৱাই সকলো ক্ষেত্ৰতে আগবঢ়োৱা সকলো অনুদান হ্ৰাস কৰিছে।

ছাত্ৰ-ছাত্ৰীসকলে কয় যে যোৱা ষান্মাষিকজুৰি ছাত্ৰ-ছাত্ৰী য়ুনিয়ন আৰু কৰ্তৃপক্ষৰ মাজত এই লৈ আলোচনা চলিছিল যদিও কৰ্তৃপক্ষই বাৰেপতি বৃত্তি পোৱা ছাত্ৰ-ছাত্ৰীসকলক দাইনিং আৰু হষ্টে’ল ফিজকে ধৰি সম্পূৰ্ণ মাচুল আদায় দিয়াত লাগি আছিল।

টিছ-গুৱাহাটীৰ যইন্ত এক্সন সমিতিৰ এক বিবৃতিত কোৱা হৈছে, ‘বহুবিলাক ছাত্ৰ-ছাত্ৰীয়ে এনে অত্যধিক মাচুল বহন কৰিব নোৱাৰিব আৰু এই হাৰত তেওঁলোক বিশ্ববিদ্যালয় এৰিবলৈ বাধ্য হ’ব। গুৱাহাটী চৌহদটো বিশেষভাৱে ক্ষতিগ্ৰস্ত হ’ব কাৰণ ইয়াত নামভৰ্ত্তি কৰা বৃ্হৎসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে এই জলপানিটো ধাৰী।’

জে’এ’চিয়ে আঙুলিয়াই, ‘২০ কোটি টকাৰ ঘাটি দেখুৱাই কৰ্তৃপক্ষই ধনৰ নাটনিক কাৰণ হিচাপে দেখুৱাইছে। এই কাৰণটো আমি মানি ল’ব নোৱাৰো কাৰণ অসংগতিপূৰ্ণভাৱে ধন খৰচ কৰাৰ বহুবিলাক উদাহৰণ আছে যিটোৱে স্বচ্ছতাহীনতালৈ আঙুলিয়াই।’

ছাত্ৰ-ছাত্ৰীসকলে দাবী কৰে যে মুকলিকৈ সমৰ্থন আগনবঢ়ালেও অনুষ্ঠানটোৰ শিক্ষকসকলেও তেওঁলোকৰ দাবীৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰিছে।

প্ৰতিষ্ঠানটোৰ বি এ’ চূড়ান্ত বৰ্ষৰ ছাত্ৰ স্নেহাশিস দাসে এন ই নাওক কয়, ‘এই বিষয়ত আমাৰ অধ্যাপকসকলেও আমাক সমৰ্থন কৰিছে। ইয়াত কাম কৰি থকা বেছিখিনি অধ্যাপকেই ঠিকাভিত্তিক আৰু যিকোনো সময়তে তেওঁলোকৰ চুক্তি বাতিল কৰা হ’ব পাৰে। তেওঁলোকেও সময়মতে দৰ্ম পোৱা নাই। তেওঁলোক in spirit আমাৰ সৈতে আছে কিন্তু তেওঁলোকে আমাক মুকলিকৈ সমৰ্থন কৰিব নোৱাৰে কাৰণ ইয়াৰ ফলত তেওঁলোকৰ চাকৰি কাটা যাব পাৰে।’

বৰ্তমানৰ কেন্দ্ৰত থকা চৰকাৰখনে সমাজ বিজ্ঞান পঢ়াৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলক উৎসাহ নোযোগাই বুলি উল্লেখ কৰি তেওঁ কয়, ‘সমাজ বিজ্ঞানৰ প্ৰতিষ্ঠানসমূহলৈ পুঁজি যোগান হ্ৰাস কৰা হৈছে কাৰণ বৰ্তমানৰ চৰকাৰে সমাজ বিজ্ঞানৰ বিকাশ হোৱাতো নিবিচাৰে। তেওঁলোকে সমাজ বিজ্ঞানী সকলক এক ভাবুকি হিচাপে চায় কাৰণ তেওঁলোকে পিছপৰা শ্ৰেণীৰ হকে কাম কৰে। সমাজ বিজ্ঞানীসকলে চৰকাৰক প্ৰত্যাহ্বান জনাবলৈ বিভিন্ন ধাৰণা, আৰ্থিক আৰু সামাজিক নীতি লৈ আহিব পাৰে আৰু তেওঁলোকে সেইতো নিবিচাৰে।’

ছাত্ৰ-ছাত্ৰীসকলে কয় যে কৰ্তৃপক্ষই তেওঁলোকৰ দাবী মানি নোলোৱা পৰ্য্যন্ত তেওঁলোকৰ প্ৰতিবাদ অব্যাহত থাকিব।