NORTHEAST NOW (Assamese)
অসম

মাৰ্ঘেৰিটাত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত এজন জোৱান

Posted by: মানস প্ৰতিম গগৈ January 22, 2019 12:34 pm
Accident-750x375-1-1

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত ২১ জানুৱাৰি সোমবাৰে নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাটোত এজন জোৱানে কৰুণভাৱে মৃত্যুক আকোৱালি ল’ব লগীয়া হয়। এই ঘটনাই এতিয়া সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।

জানিব পৰা মতে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ ডিবং গাঁৱৰ ৱাৰ্নাচাৰ মহাথেৰাৰ স্মৃতিত অনুষ্ঠিত হৈ থকা ‘পয় লং’ অনুষ্ঠানৰ পৰা নিশা উভতি আহি থকাৰ সময়ত মাৰ্ঘেৰিটা আলুবাৰী পথত দুখন মটৰচাইকেলৰ মাজত ভয়ংকৰ সংঘৰ্ষ হয়। ফলত ১৯ নং আই আৰ বি এন ৰ জোৱানজন নিহত হয়।

এই শোকাৱহ পথ দুৰ্ঘটনাটোত মৃত্যুবৰণ কৰা জোৱানজন লংকাৰ চিৰঞ্জীৱ দাস বুলি জানিব পৰা গৈছে। ইফালে এই দুৰ্ঘটনাটোত আহত হোৱা অমল মাউত নামৰ আন এজন যুৱকক সংকটজনক অৱস্থাত উদ্ধাৰ কৰি উন্নত চিকিৎসাৰ বাবে নিশাই ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয়।