NORTHEAST NOW (Assamese)
অসম

বিশ্ব ক্ৰিকেট ইতিহাসৰ বৰ্ণময় চৰিত্ৰ শ্বেন ৱাৰ্ণ; কৃতি-কৃতিত্বৰ লগতে বহু বিতৰ্কৰে জড়িত কিংবদন্তি ৱার্ণ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 5, 2022 9:11 am
tewVGbISIkQwneH-800x450-noPad

ক্ৰিকেটৰ খেলপথাৰত যিদৰে শ্বেন ৱাৰ্ণৰ বল ঘুৰিছিল, ঠিক সেইদৰে খেলপথাৰৰ বাহিৰতো তেওঁৰ জীৱনত বিতৰ্কই ঘুৰি ফুৰিছিল। সেই বিতৰ্কৰ মাজত আছিল ফিক্সিং, মাদক দ্ৰব্য সেৱন, নাৰীসংগৰ দৰে বহু বিষয়। কিন্তু বিশ্ব ক্ৰিকেটৰ ইতিহাসত তেওঁ হৈছে এগৰাকী বিৰল প্ৰতিভাধৰ কিংবদন্তি স্পীনাৰ।

শ্বেন ৱাৰ্ণ ২০০৩চনৰ বিশ্বকাপৰ পূৰ্বে ড’প টেষ্টত ধৰা পৰিছিল। দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হোৱা সেই বিশ্বকাপৰ পৰা বাহিৰ হৈ তেওঁ নিজ দেশলৈ উভতি যাবলগীয়া হৈছিল। অষ্ট্ৰেলিয়াৰ ক্ৰিকেট বোৰ্ডৰ নিষেধাজ্ঞাৰো সন্মুখীন হয় শ্বেন।

শ্বেন ৱাৰ্ণৰ বিৰুদ্ধে ২০০০চনত এগৰাকী ব্ৰিটিছ মহিলাক আপত্তিজনক মেচেজ প্ৰেৰণ কৰাৰ অভিযোগ উঠিছিল। ইয়াৰ ফলত ৱাৰ্ণক অষ্ট্ৰেলিয়া ক্ৰিকেট দলৰ সহ অধিনায়ক পদৰ পৰা অঁতৰাই দিয়া হৈছিল।

স্পীনৰ যাদুকৰগৰাকীৰ ছিগাৰেট আসক্তিৰ কথা সৰ্বজনবিদিত। ২০০৮চনত নিউজিলেণ্ড ভ্ৰমণৰ সময়ত শ্বেনৰ ধূমপান কৰাৰ ছবি পোহৰলৈ আহে। ইয়াকে লৈ সমস্যাতো পৰে ৱাৰ্ণ।

১৯৯৫চনৰ পৰা ২০০৫চন লৈকে ছিমোন কালাহানৰ সৈতে বৈবাহিক সম্পৰ্কৰ পিছত বিচ্ছেদ ঘটে। তাৰপিছত ২০০৭চনত তেওঁলোকৰ পুনৰ্মিলনৰ সম্ভাৱনা জাগি উঠাৰ সময়তে আন এগৰাকী মহিলাক পঠোৱা এটা মেচেজ ভুলতেই কালাহানৰ তালৈ গুচি যায়। ইয়াতেই অসন্তুষ্ট হৈ ইংলেণ্ডলৈ গুচি যায় কালাহান।

ইয়াৰ পিছতে শ্বেন ৱাৰ্ণৰ অভিনেত্ৰী-মডেল লিজ হাৰ্লিৰ সৈতে সম্পৰ্কৰ কথা ৰাষ্ট্ৰ হৈ পৰে। কিন্তু আন এগৰাকী মহিলাৰ সৈতে সম্পৰ্কৰ অভিযোগ উঠাত হাৰ্লিয়েও তেওঁক এৰি গুচি যায়।

শ্বেন ৱাৰ্ণৰ নাম মেচ ফিক্সিঙৰ সৈতে সাঙোৰ খাইছিল। ১৯৯৪চনত  শেবন ৱাৰ্ণ আৰু মাৰ্ক ৱ’ৰ বিৰুদ্ধে ভাৰতীয় বুকি জন ওৰফে মুকেশক গুৰুত্বপূৰ্ণ তথ্য দিয়াৰ অভিযোগ উঠে। অৱশ্যে এই বিষয়টোৱে শ্বেনৰ জীৱনত বিশেষ প্ৰভাৱ পেলাবলৈ সক্ষম নহ’ল।

শ্বেন ৱাৰ্ণৰ বিৰুদ্ধে উঠা আন এক অভিযোগ আছিল যে ১৯৯৪চনত কৰাচী টেষ্টত বেয়া বল কৰাৰ বাবে ছেলিম মালিকে ৱাৰ্ণক উৎকোচ দিছিল। অষ্ট্ৰেলিয়াৰ ক্ৰিকেট বোৰ্ডে মাৰ্ক ৱ’ আৰু শ্বেন ৱাৰ্ণক শকত অংকৰ জৰিমনা বিহে।

তথাপি, লেগ স্পীন বলিঙৰ যাদুকৰ, বেটছমেনৰ বাবে সন্ত্ৰাস তথা প্ৰতিটো বল ভিন্ন ধৰণে দিব পৰা অনন্য প্ৰতিভাৰ অধিকাৰী শ্বেন ৱাৰ্ণ কিংবদন্তি ক্ৰিকেটাৰ। বিশ্ব ক্ৰিকেটত বিতৰ্কিত অথচ বিৰল প্ৰতিভাৰ এনে ক্ৰিকেটাৰ হয়তো আন এগৰাকী বিচাৰি পোৱা নাযাব।