NORTHEAST NOW (Assamese)
অসম

বঙাইগাঁও জিলাত নতুনকৈ ১৯ জন ব্যক্তি ক’ভিডত আক্ৰান্ত

Posted by: প্ৰণৱ কুমাৰ ডেকা Updated by: প্ৰণৱ কুমাৰ ডেকা July 30, 2021 8:21 pm
bnn

বঙাইগাঁও জিলাত শুকুৰবাৰৰ দিনটোত পুনৰ নতুনকৈ ১৯ জন ব্যক্তি ক’ভিডত আক্ৰান্ত হোৱাটো ধৰা পৰিছে ৷

আনহাতে সুস্থ হৈ উঠিছে ১৩ জনকৈ ৰোগী ৷

জিলাখনত নতুনকৈ পুনৰ ১৯ জন ব্যক্তি ক’ভিডত আক্ৰান্ত হোৱাত বৰ্তমান জিলাখনত ১৬২ জন সক্ৰিয় ৰোগী আছে ৷

ইয়াৰ ভিতৰত ১১৭ জন ইনষ্টিটিউচনেল কোৱাৰেণ্টাইনত আৰু ৪৫ জন ব্যক্তি হোম কোৱাৰেণ্টাইনত আছে ৷

আনহাতে জিলাখনত শুকুৰবাৰে মুঠ ৪,৯৯৩ জন ব্যক্তিৰ ক’ভিড টেষ্ট কৰা হয় ৷

জিলাখনত ১ মাৰ্চৰ পৰা ৩০ জুলাই লৈ  মুঠ ক’ভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাই ৪,৭০০  জন হৈছে ৷