NORTHEAST NOW (Assamese)
অসম

“কেব” বিৰোধী প্ৰকৃত প্ৰতিবাদকাৰীক বদনামী কৰাৰ লক্ষ্য একাংশ দুষ্কৃতিকাৰীৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া December 13, 2019 7:11 pm
Kalakshetra Sharai

“কেব” বিৰোধী আন্দোলনটোক বিপথে নিয়া আৰু বদনামী কৰাৰ উদ্দেশ্যে একাংশ দুষ্কৃতিকাৰী প্ৰতিবাদ কৰাৰ নামত নামি পৰিছে বিভিন্ন ধৰণৰ হিংসাত্মক কাৰ্য্যকলাপত।

এইসকল দুষ্কৃতিকাৰীয়ে মহানগৰীৰ ভিন্ন স্থানত বাহন আদি জ্বলাই দিয়াৰ লগতে ৰাস্তাৰ মাজৰ ডিভাইডাৰৰ ৰেলিং, বাছষ্টেণ্ড ভাঙি লণ্ডভণ্ড কৰিছে।

নিশাৰ আন্ধাৰৰ সুযোগত লৈ এই দুষ্কৃতিকাৰীসকলে ১১ ডিচেম্বৰৰ সন্ধিয়া প্ৰায় ৫ মান বজাত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহৰ দুখনকৈ গেইট ভাঙি পেলায়।

নিৰাপত্তাৰ দায়িত্বত থকা এজন কৰ্মচাৰীয়ে প্ৰায় ২০-২৫জন দুষ্কৃতিকাৰী মুখত কাপোৰ বান্ধি আহি এই গৰিহণাযোগ্য কামটো কৰা বুলি জানিবলৈ দিছে নৰ্থ-ইষ্ট নাওক।

অসমীয়াৰ স্বাভিমান জড়িত থকা শৰাই ভাঙি পেলোৱাৰ লগতে লাইট, ফুলৰ টাব আদিও ভাঙি চূৰমাৰ কৰে।

আনকি কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ এটা অনুষ্ঠানৰ বাবে প্ৰেক্ষাগৃহৰ বাহিৰত দিয়া নুৰুদ্দিন আহমেদ সোঁৱৰণী তোৰণ ভাঙি জ্বলাই দিয়াৰ লগতে দৰ্শক বহিবলৈ বাবে অনা চকীও জ্বলাই দিয়ে।

কালি শংকৰদেৱ কলাক্ষেত্ৰ কৰ্তৃপক্ষই দিচপুৰ থানাত এই সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে।

উল্লেখযোগ্য যে সচেতন নাগৰিক আৰু আন্দোলনকাৰী নেতাসকলে পূৰ্বৰ পৰা আন্দোলনকাৰীক হিংসাৰ পথ নল’বলৈ সকীয়াই অহাৰ লগতে, আন্দোলনকাৰীৰ মাজত সোমাই দুষ্কৃতিকাৰীয়ে যাতে তেনে কাম কৰি আন্দোলনক বদনামী কৰিব নোৱাৰে তাৰ প্ৰতি সতৰ্ক থাকিবলৈ সকীয়াই আহিছিল।

ইতিমধ্যে প্ৰতিবাদকাৰীৰ মাজত সোমাই একাংশ উদণ্ড প্ৰকৃতিৰ লোকে মহানগৰীৰ বিভিন্ন প্ৰান্তত চিটিবাছ, ক্ৰেন, ট্ৰেইলাৰ, বাইক, মাৰুতি কাৰ, জেচিবি, ট্ৰাক, ট্ৰেক্টৰকে ধৰি ৰাস্তা, দলং নিৰ্মাণত ব্যৱহৃত যন্ত্ৰত অগ্নি সংযোগ কৰিছিল।