NORTHEAST NOW (Assamese)
অসম

মাজুলীত আৰ্টফেডৰ লগতে ১৪ খন বিপণিৰ পৰা জব্দ বৃহৎ পৰিমাণৰ বহিঃৰাজ্যত নিৰ্মিত গামোচা

Posted by: মিটু খাটনিয়াৰ April 3, 2018 9:31 pm

ৰাজ্য চৰকাৰে বিক্ৰী নিষিদ্ধ কৰা বহিঃৰাজ্যৰ পৰা আমদানিকৃত পাৱাৰলোমত উৎপাদিত গামোচাৰ বিৰুদ্ধে মাজুলীত তীব্ৰ অভিযান আৰম্ভ কৰিছে জিলা প্ৰশাসনে।

কাৰ্যবাহী দণ্ডাধীশৰ নেতৃত্বত গঠিত এটি অভিযানকাৰী দলে আজি জিলাখনৰ অন্তৰ্গত কমলাবাৰী, গড়মূৰ আৰু বনগাঁও এলেকাত অভিযান চলাই ১৪ খন বিপণিৰ পৰা পাৱাৰলোমত উৎপাদিত বৃহৎ পৰিমাণৰ গামোচা জব্দ কৰে ।

মাজুলীৰ হস্ততাঁত আৰু বস্ত্ৰ বিভাগৰ অধীক্ষক প্ৰশান্ত বৰঠাকুৰৰ লগতে মাজুলীৰ আৰক্ষী বিষয়াক লৈ মাজুলীৰ জিলা দণ্ডাধীশে গঠন কৰি দিয়া ‘প্ৰৱৰ্তন আৰু পৰিদৰ্শনকাৰী স্কোৱাদ’টোৱে চলোৱা এই অভিযানত লক্ষনীয়ভাৱে কমলাবাৰীত থকা আৰ্টফেডৰ জাগৰণ বিপণিৰ পৰাও যথেষ্ট পৰিমানে আমদানিকৃত গামোচা জব্দ কৰা হয়।