NORTHEAST NOW (Assamese)

মাজুলীত গঁড়ৰ আক্ৰমণত ৮০ বছৰীয়া বৃদ্ধৰ মৃত্যু

January 29, 2018 12:30 pm · এন ই নাও নিউজ

আজি পুৱা মাজুলীৰ ভকত চাপৰিত এটা গঁড়ৰ আক্ৰমণত ৮০ বছৰীয়া এগৰাকী বৃদ্ধৰ মৃত্যু হয়। মৃত বৃদ্ধ গৰাকী বলোৰাম দাস বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে আজি প্ৰায় ৫ দিন মান মাজুলীত এটা গঁড়ে মুক্ত বিচৰণ কৰি আছে। আজি পুৱা গঁড়টোৰ সৈতে ৮০ বছৰীয়া বৃদ্ধ বলোৰাম মুখামুখি হোৱাত গঁড়টোৱে বৃদ্ধজনক আক্ৰমণ কৰে। স্থানীয় ৰাইজে এই ঘটনা প্ৰত্যক্ষ কৰাত আঘাতপ্ৰাপ্ত বলোৰামক তৎক্ষণাত চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসালয়তে বলোৰামৰ মৃত্যু হয়।

স্থানীয় ৰাইজে শংকা প্ৰকাশ কৰিছে যে শীঘ্ৰে এই মুক্তভাৱে বিচৰণ কৰি থকা গঁড়টোক বনাঞ্চললৈ ওভটাই নপথালে অঞ্চলটোত বহু ক্ষতি কৰিব পাৰে।

মাজুলীবাসী বানপানীকে ধৰি অনেক সমস্যাৰে জুৰুলা হৈ থকাৰ উপৰি এইবাৰ আকৌ গঁড়ৰ সন্ত্ৰাসে অঞ্চলটোৰ স্থানীয় ৰাইজক ভিত্তিগ্ৰস্ত কৰি তুলিছে। স্থানীয় ৰাইজে এই ক্ষেত্ৰত বন বিভাগক উচিত পদক্ষেপ ল’বলৈ আহ্বান জনাইছে।

 

Related News