NORTHEAST NOW (Assamese)

মাজুলীত লুইতৰ বুকুত মাছৰ সলনি উঠিছে কাঠৰ উজান; খৰি সংগ্ৰহত ব্যস্ত নৈপৰীয়া ৰাইজ

August 3, 2018 2:20 pm · মিটু খাটনিয়াৰ
মাজুলীত লুইতৰ বুকুৱেদি বৈ অহা খৰি সংগ্ৰহ কৰি এইদৰে কঢ়িয়াই আনিছে এগৰকা মহিলাই ফটো : মিটু খাটনিয়াৰ

মাছৰ উজান নহয়, মাজুলীত ব্ৰহ্মপুত্ৰৰ বুকুত উঠিছে কাঠ আৰু খৰিৰ উজান । ফেনে ফোটোকাৰে ওফন্দি উঠা ভৰা লুইতৰ বুকুৱেদি পাহাৰৰ পৰা নামি আহিছে বৃহৎ বৃহৎ গছ, কাঠৰ কুণ্ডা।

বৰলুইতৰ কোৱাল সোঁতেৰে বৈ অহা এইসমুহ কাঠ, খৰি ধৰিবৰ বাবে জয়াল ব্ৰহ্মপুত্ৰৰ বুকুত নৈপৰিয়া লোকৰ মাজত চলিছে এতিয়া অঘোষিত প্ৰতিযোগিতা। কোনোৱে যদি ভৰা লুইতৰ বুকুত সাতুৰি নাদুৰি, কোনোৱে টুলুঙা হাত নাও লৈ মূল্যৱান কাঠ সমুহ সংগ্ৰহৰ বাবে অৱতীৰ্ণ হৈছে জীৱন মৰণ যুঁজত।

প্ৰতিদিনে নদীৰ বুকুৰ পৰা কাঠ, খৰি সংগ্ৰহৰ বাবে মাজুলীৰ শালমৰা, অফলামূখ, দক্ষিনপাট আদি নৈপৰীয়া লোক সকল ব্যস্ত হৈ পৰিছে। জীৱন-জীৱিকাৰ বাবেই এই অঞ্চল সমুহৰ জীয়ৰি-বোৱাৰিৰ পৰা আৰম্ভ কৰি কিশোৰ-বৃদ্ধলৈকে সকলোৱে কাঠ সংগ্ৰহত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে।

উল্লেখ্য যে ঘৰে ঘৰে বৃহৎ বৃহৎ কাঠৰ মেজি কৰি সংৰক্ষণ কৰিছে নদীৰ পৰা সংগৃহিত কাঠ-খৰি সমুহ। বাৰিষাৰ এই সময়ত নৈপৰীয়া লোকসকলে কাঠ, খৰি সংগ্ৰহ কৰি সেইসমুহ বিক্ৰী কৰি জীৱন-নিৰ্বাহ চলায়। দৈনন্দিন কাৰ্যত ব্যৱহাৰৰ উপৰি নৈপৰীয়া লোকসকলে কাঠ, খৰিসমুহ মৃৎ শিল্প তথা অন্য কৰ্মতো ব্যৱহাৰ কৰা দেখা যায়।

Related News