• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাজুলীত ৰাজ্যৰ প্ৰথমখন সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন মুখ্য মন্ত্ৰী সোণোৱালৰ

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
July 13, 2018 9:52 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ কলা-সংস্কৃতিৰ পদ্ধতিগত অধ্যয়নৰ উদ্দেশ্যে অসম চৰকাৰে প্ৰায় ৩০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া ৰাজ্যৰ প্ৰথমখন সাংস্কৃতিক বিশ্ব বিদ্যালয়ৰ আধাৰশিলা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি মাজুলীত স্থাপন কৰে।

মাজুলীৰ গড়মূৰ মিনি ষ্টেডিয়ামত এই উপলক্ষে অনুষ্ঠিত সভাতে মুখ্য মন্ত্ৰী সোণোৱালে ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ অধীনত মাজুলীত নিৰ্মাণ কৰিব লগীয়া এটা পঞ্চায়ত সমল কেন্দ্ৰ আৰু এটা আৰক্ষী অতিথিশালাৰো আধাৰশিলা স্থাপন কৰে।

Apply Now

আনহাতে মাজুলীক এখন আদৰ্শ জৈৱিক ক্ষেত্ৰ ৰূপে গঢ়ি তোলাৰ পোষকতা কৰি মুখ্য মন্ত্ৰী সোণোৱালে কয় যে ৰাজ্য চৰকাৰে ইতিমধ্যে ৪.৫ কোটি টকাৰে জৈৱিক পদ্ধতিৰে কৃষি সামগ্ৰীৰ উৎপাদন কৰিবলৈ কাৰ্যসূচী গ্ৰহণ কৰাৰ বাবে জিলা প্ৰশাসনলৈ পুঁজি মোকলাই দিছে।

মুখ্য মন্ত্ৰী গৰাকীয়ে বিগত দুটা বছৰত প্ৰায় ১ হাজাৰ কোটি টকাৰ বিভিন্ন প্ৰকল্পৰ ৰূপায়ণৰ কাম মাজুলীত আৰম্ভ হৈছে বুলি উল্লেখ কৰি কয় যে, ‘এয়া ৰাইজৰ ধন আৰু এই ধন ৰাইজৰ স্বাৰ্থত ব্যৱহাৰ হ’লে ৰাইজ উপকৃত হ’ব।’

মুখ্য মন্ত্ৰী সোণোৱালে নৌকা শিল্পৰ সৈতে জড়িত শিল্পীসকলকো উৎসাহিত কৰাৰ বাবে শীঘ্ৰে নৌকা শিল্পৰ ওপৰত এটি প্ৰকল্প গ্ৰহণ কৰা হ’ব বুলি আনুষ্ঠানিকভাৱে অৱগত কৰে।

অসম চৰকাৰৰ শিক্ষা আৰু আইন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই সভাত ভাষণ প্ৰসংগত অসম চৰকাৰে শীঘ্ৰে মাজুলীত এখন মহাবিদ্যালয় আৰু পলিটেকনিকৰ কামো আৰম্ভ কৰিব।

আজিৰ সভাত অসম চৰকাৰৰ জল সম্পদ মন্ত্ৰী কেশৱ মহন্ত, পৰ্যটন মন্ত্ৰী চন্দন ব্ৰহ্মৰ লগতে অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ প্ৰধান সচিব অজয় তিৱাৰী, ৰাজ্যিক গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ সঞ্চালক সৰ্বেশ্বৰ পেগু তথা কৃষি বিভাগৰ সঞ্চালক এম এছ মণিৱন্ননেও সভাত ভাষণ প্ৰদান কৰে।

আনহাতে মাজুলী জিলাৰ উপায়ুক্ত দেৱ প্ৰসাদ মিশ্ৰই আদৰণি ভাষণ আগবঢ়োৱা এই অনুষ্ঠানত মুখ্য মন্ত্ৰী সোণোৱালে জিলাখনৰ ১০ টা কৃষক গোটলৈ ‘মুখ্য মন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা’ৰ অধীনত ট্ৰেক্টৰ বিতৰণ কৰে।

ইফালে অনুষ্ঠানৰ লগত সংগতি ৰাখি মুখ্য মন্ত্ৰী সোণোৱালে মাজুলীৰ ১৫ গৰাকীক সাংবাদিকক তথ্য আৰু জনসংযোগ বিভাগৰ দ্বাৰা প্ৰদান কৰা স্বীকৃতি পত্ৰও বিতৰণ কৰে।

তাৰোপৰি ব্ৰহ্মপুত্ৰৰ বুকুত নাও দুৰ্ঘটনাত পতিত ব্যক্তিক উদ্ধাৰ কৰা ‘জলপৰী’ নামৰ ফেৰীখনৰ স্বত্বাধিতাকীৰ আৰু কৰ্মচাৰী সকলকো মুখ্য মন্ত্ৰী গৰাকীয়ে সম্বৰ্ধনা জ্ঞাপন কৰে।

সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ লগতে উন্নয়ন মূলক প্ৰকল্পৰ এই আধাৰশিলা স্থাপন অনুষ্ঠানত অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েং, প্ৰগতিশীল কৃষক বিনয় লিখক, মাজুলীৰ কেইবা গৰাকীও সত্ৰাধিকাৰ প্ৰমুখ্যে বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

মিটু খাটনিয়াৰ

মিটু খাটনিয়াৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিচিটিভি ঢাকি শৌচালয়ত লুকুৱাই থোৱা হৈছিল দানৰ কোটি কোটি টকা : কেনেকৈ চুৰি  হৈছিল ৰাম মন্দিৰত?

চিচিটিভি ঢাকি শৌচালয়ত লুকুৱাই থোৱা হৈছিল দানৰ কোটি কোটি টকা : কেনেকৈ চুৰি  হৈছিল ৰাম মন্দিৰত?

June 26, 2026 8:13 pm
‘তাই যিকোনো মুহূৰ্ততে মোক মাৰি পেলাব পাৰে…’ পত্নী টুইংকলক লৈ অক্ষয় কুমাৰৰ আচৰিত মন্তব্য

‘তাই যিকোনো মুহূৰ্ততে মোক মাৰি পেলাব পাৰে…’ পত্নী টুইংকলক লৈ অক্ষয় কুমাৰৰ আচৰিত মন্তব্য

June 26, 2026 7:22 pm

উচ্ছেদৰ নামত চাহ আৰু ভাততে খৰচ হ’ল ৪৬ লাখ টকা, সমগ্ৰ ঘটনাক লৈ তীব্ৰ বিতৰ্ক

June 26, 2026 7:00 pm
শ্বে’প অৱ ম’ম’ : বিষ্ণু আৰু বিষ্ণুৰ জীৱন

শ্বে’প অৱ ম’ম’ : বিষ্ণু আৰু বিষ্ণুৰ জীৱন

June 26, 2026 6:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিচিটিভি ঢাকি শৌচালয়ত লুকুৱাই থোৱা হৈছিল দানৰ কোটি কোটি টকা : কেনেকৈ চুৰি  হৈছিল ৰাম মন্দিৰত?

চিচিটিভি ঢাকি শৌচালয়ত লুকুৱাই থোৱা হৈছিল দানৰ কোটি কোটি টকা : কেনেকৈ চুৰি  হৈছিল ৰাম মন্দিৰত?

June 26, 2026 8:13 pm
‘তাই যিকোনো মুহূৰ্ততে মোক মাৰি পেলাব পাৰে…’ পত্নী টুইংকলক লৈ অক্ষয় কুমাৰৰ আচৰিত মন্তব্য

‘তাই যিকোনো মুহূৰ্ততে মোক মাৰি পেলাব পাৰে…’ পত্নী টুইংকলক লৈ অক্ষয় কুমাৰৰ আচৰিত মন্তব্য

June 26, 2026 7:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd