NORTHEAST NOW (Assamese)
অসম

মাজুলীবাসীৰ বাবে সুখবৰ; মাজুলী-নিমাতি ফেৰি সেৱাত নতুনকৈ সংযুক্ত জাহাজ

Posted by: মিটু খাটনিয়াৰ August 6, 2018 10:04 am

মাজুলীবাসীৰ বাবে শেহতীয়াকৈ আহিছে এক সুখবৰ। যিহেতু মাজুলী-নিমাতি ফেৰি সেৱাত নতুনকৈ সংযুক্ত হ’ল পাঁচখন জাহাজ।

দেওবাৰে সন্ধিয়া মাজুলী কমলাবাৰী ফেৰি ঘাটত উপস্থিত কৰাইছেহি এই নতুনকৈ সংযুক্ত হ’ব লগীয়া ফেৰীকেইখন।

আনহাতে ৯ আগষ্টত মাজুলী কমলাবাৰী ফেৰি ঘাটত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালেয়ে এই ফেৰি তথা জাহাজ কেইখনৰ শুভ উদ্বোধন কৰিবহি।

উল্লেখযোগ্য যে মাজুলীত আভ্যন্তৰীণ জল পৰিবহণ বিভাগে চলাব লগা নতুন এই জাহাজ পাঁচখন অসম চৰকাৰৰ পুঁজিৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে। পাঁচখন জাহাজৰ ভিতৰত দুখন জাহাজ গুৱাহাটীৰ পৰা মাজুলীলৈ অনা হৈছে।

মাজুলীবাসীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আভ্যন্তৰীণ জল পৰিবহণ বিভাগে মাজুলীৰ কমলাবাৰীৰ পৰা নিমাতিঘাটলৈ এই নতুন পাঁচখন জাহাজ চলাব।

আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ প্ৰকল্প প্ৰস্তুতিৰ কামৰ বাবে বিশ্ব বেংকে ১৬ কোটি টকা মঞ্জুৰ কৰিছে আৰু প্ৰকল্পটো গৃহত হোৱাৰ পিছত ১০০০ কোটি টকাৰ কাম আৰম্ভ হ’ব। এই কামৰ অন্তৰ্গত ৰাজ্যৰ নদী সমূহৰ ঘাট নতুনকৈ নিৰ্মাণ কৰাৰ লগতে নতুন জাহাজ নিৰ্মাণ কৰা হ’ব বুলি জানিব পৰা গৈছে।