NORTHEAST NOW (Assamese)
অসম

এম বি বি এছ পৰীক্ষাৰ ফলাফল ঘোষণা; শীৰ্ষ স্থানত বোকাখাতৰ মন্থন ঘোষ

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া April 23, 2021 7:56 am
Manthan Ghosh

শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিছ অৱ হেল্থ এণ্ড চায়েঞ্চৰ বৃহস্পতিবাৰে ঘোষণা কৰা এম বি বি এছ চূড়ান্ত বৰ্ষৰ ফলাফলত বোকাখাতৰ মন্থন ঘোষে অসমৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিছে।

তেওঁ ইউনিভাৰ্চিটিৰ ভিতৰতে স্বৰ্ণ পদক লাভ কৰিবলৈও সক্ষম হৈছে ৷

মন্থনে শিলচৰ মেডিকেল কলেজৰ পৰা এই পৰীক্ষাত অৱতীৰ্ণ হৈ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হয় ৷

মন্থন ঘোষ বোকাখাতৰ প্ৰতিষ্ঠিত ব্যৱসায়ী মানিক ঘোষ আৰু ৰাধা ঘোষৰ কনিষ্ঠ পুত্ৰ ৷

নুমলীগড়ৰ দিল্লী পাব্লিক স্কুলৰ পৰা স্কুলীয়া জীৱন আৰম্ভ কৰা মন্থন ঘোষে শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰা অস্ত্ৰোপচাৰ বিষয়ত অনাৰ্চ সহ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ লগতে ৰাজ্যৰ ভিতৰত প্ৰথম স্থান অধিকাৰ কৰি স্বৰ্ণ পদক আজুৰি আনিবলৈ সক্ষম হয় ৷

মন্থন ঘোষৰ কৃতকাৰ্যতাত বোকাখাতৰ বিভিন্ন দল-সংগঠনে শুভেচ্ছা জ্ঞাপন কৰিছে।