NORTHEAST NOW (Assamese)
Popular Stories

সাম্প্ৰদায়িক ঘৃণাক প্ৰতিৰোধ কৰিবলৈ এটা চিৰসেউজ গানৰ তালত নাচি উঠিছে অসংখ্য লোক, ক’ত?

April 13, 2021 6:54 pm

কেইদিনমান পূৰ্বে ইনষ্টাগ্ৰামত এটা ভিডিঅ’ ব্যাপকভাৱে ভাইৰেল হৈ পৰিছিল।

ভিডিঅ’টোত দেখা গৈছিল যে কেৰেলাৰ থ্ৰিচ্চুৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ দুগৰাকী ছাত্ৰ-ছাত্ৰীয়ে জনপ্ৰিয় জাৰ্মান সংগীতগোষ্ঠী ‘বনী এম’ৰ (Boney M) চিৰসেউজ এটা গান ‘ৰাস্পুটিন’ৰ (Rasputin) তালত নাচি নাচি আপোনপাহৰা হৈ পৰিছে।

 

View this post on Instagram

 

A post shared by Naveen K Razak (@naveen_k_razak)

ভিডিঅ’টো মিলিয়নসংখ্যক দৰ্শকে চাই মন্ত্ৰমুগ্ধ হৈ পৰিছে।

কিন্তু ছাত্ৰ-ছাত্ৰী দুগৰাকীৰ এই আনন্দৰ মুহূৰ্তকণো চকুত পৰে সাম্প্ৰদায়িক গেৰুৱা বাহিনীৰ।

ইয়াৰ কাৰণ হৈছে ভিডিঅ’টোত থকা নবীন ৰাজ্জাক নামৰ ছাত্ৰজন এজন ইছলাম ধৰ্মী যুৱক, আনহাতে জানকী ওমকুমাৰ নামৰ ছাত্ৰীগৰাকী এগৰাকী হিন্দু যুৱতী।

গেৰুৱা বাহিনীয়ে ইয়াক ‘লাভ জেহাদ’ৰ স’তে সাঙুৰি নিজৰ ঘৃণনীয় প্ৰপাগাণ্ডাক প্ৰকট কৰিছে।

কিন্তু সাম্প্ৰদায়িক শক্তিটোৰ এই প্ৰপাগাণ্ডাক প্ৰতিৰোধ কৰিবলৈ সামাজিক মাধ্যমত সচেতন লোকসকলে #ResistHate নামেৰে এটা ট্ৰেণ্ডৰ সৃষ্টি কৰিছে।

সংবাদমাধ্যমক চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰীগৰাকীয়ে জনাইছে যে তেওঁলোকৰ ভিডিঅ’টোক লৈ কৰা সাম্প্ৰদায়িক মন্তব্যসমূহে তেওঁলোকক অলপো বিচলিত কৰা নাই।

এক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে মিলিয়ন সংখ্যক লোকে ভিডিঅ’টোক সমৰ্থন কৰাৰ বিপৰীতে ১০-১২ জন লোকে ইয়াক সাম্প্ৰদায়িক ৰহণ সানিবলৈ চেষ্টা কৰিছে।

আনহাতে, ভিডিঅ’টোক লৈ সাম্প্ৰদায়িক প্ৰপাগাণ্ডা চলোৱাৰ বিষয়টোক ক’চিন ইউনিভাৰ্চিটি অৱ চাইন্স এণ্ড টেকন’ল’জীৰ ষ্টুডেণ্ট ফেডাৰেচন ইণ্ডিয়াৰ (এছএফআই) এটা শাখাই গুৰুত্বসহকাৰে লৈছে।

এছএফআইৰ শাখাটোৱে সামাজিক মাধ্যমত #resisthate হেশ্বটেগেৰে বনী এমৰ উক্ত গানটোৰে এটা ভাৰ্চুৱেল নৃত্য প্ৰতিযোগিতাৰ আয়োজন কৰিছে।

এই #resisthate হেশ্বটেগটোৱে ইতিমধ্যে বহুতৰে দৃষ্টি আকৰ্ষণ কৰিছে।

৬০টাতকৈও অধিক প্ৰতিযোগী দলে ইনষ্টাগ্ৰামযোগে ইয়াত চামিল হৈছে।

ছাত্ৰীগৰাকীয়ে কয় যে নৃত্য তেওঁৰ বাবে নতুন নহয়।

শিশু অৱস্থাৰে পৰা তেওঁ নৃত্যত ভাগ লোৱা বুলি জনায়।

তেওঁ কয় যে তেওঁলোকৰ নৃত্যৰ ভিডিঅ’টোৱে এনেদৰে সমাদৰ লাভ কৰাটো এটা অভাৱনীয় ঘটনা।

”আমি সাধাৰণভাৱেই এনেধৰণৰ ভিডিঅ’ তৈয়াৰ কৰি সামাজিক মাধ্যমত শ্বেয়াৰ কৰো।”- তেওঁ কয়।