NORTHEAST NOW (Assamese)
Popular Stories

ক’ভিড-১৯ লকডাউন : দেশৰ সমূহ ৰাজ্যলৈ উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 13, 2021 7:27 pm

উচ্চতম ন্যায়ালয়ে দেশৰ সকলো ৰাজ্যলৈ এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে।

মঙলবাৰে এখন আবেদনৰ ভিত্তিত ন্যায়ালয়ে ক’ভিড-১৯ৰ সময়ছোৱাত প্ৰব্ৰজিত শিশুসমূহৰ অৱস্থাৰ বিষয়ে ৰাজ্যসমূহে ন্যায়ালয়ক অৱগত কৰিবলৈ নিৰ্দেশ দিছে।

মুখ্য ন্যায়াধীশ এছ এ ববডে, ন্যায়াধীশ এ এছ বোপান্না আৰু ভি ৰামাসুব্ৰমণিয়ামেৰে গঠিত এখন বিচাৰপীঠে এই নিৰ্দেশনা জাৰি কৰিছে।

আবেদনকাৰীসকলৰ হৈ জ্যেষ্ঠ অধিবক্তা জাইনা কোথাৰীয়ে যুক্তি প্ৰদৰ্শন কৰে।

মানৱ অধিকাৰ স্বাৰ্থজড়িত আবেদনখন দাখিল কৰে চাইল্ড ৰাইটছ ট্ৰাষ্ট আৰু এজন বেংগালুৰু নিবাসী ব্যক্তিয়ে।

আবেদনখনত কোৱা হৈছে যে ক’ভিড-১৯ৰ বাবে কেন্দ্ৰীয় চৰকাৰে লকডাউন ঘোষণা কৰিছিল আৰু ইয়াৰ ফলত বিভিন্ন ধৰণৰ শ্ৰমত নিয়োজিত প্ৰব্ৰজিত শিশুসকল অধিক ক্ষতিগ্ৰস্ত হৈ পৰিছিল।

তদুপৰি কোৱা হৈছে যে যদিও প্ৰব্ৰজিত শ্ৰমিকসকলৰ সমস্যাৰ উপশমৰ বাবে ব্যৱস্থা লোৱা হৈছে, কিন্তু উপায়হীন অথবা ৰিলীফ কেম্প-কোৱাৰেণ্টাইন কেন্দ্ৰসমূহত থকা নাৰী আৰু শিশুসকলৰ বাবে কেনেধৰণৰ ব্যৱস্থা লোৱা হৈছে, ৰাজ্য অথবা কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা কোনোধৰণৰ ৰিপ’ৰ্ট প্ৰস্তুত কৰা হোৱা নাই।

মহামাৰীয়ে প্ৰব্ৰজিত শিশুসকলৰ ওপৰত বৈষম্যমূলক পৰিস্থিতিৰ সৃষ্টি কৰা বুলি আবেদনখনত কোৱা হৈছে।

তদুপৰি কোৱা হৈছে যে যদি উচ্চতম ন্যায়ালয়ে ব্যৱস্থা নলয়, তেন্তে প্ৰব্ৰজিত শিশুসকল শিক্ষা, স্বাস্থ্য আৰু পুষ্টিৰ অধিকাৰৰ পৰা এনেধৰণে বঞ্চিত হৈ ৰ’ব।