NORTHEAST NOW (Assamese)
অসম

মহানগৰীত দ্ৰুত সংক্ৰমণ; হোটেল,ব্যক্তিগত চিকিৎসালয়ৰ কৰ্তৃপক্ষৰে জিলা প্ৰশাসনৰ বৈঠক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 23, 2021 8:39 am
images.jpeg-11(1)

গুৱাহাটীত ক’ভিড ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে যিকোনো পৰিস্থিতিৰ সন্মুখীন হ’ব পৰাকৈ সকলো বিকল্প ব্যৱস্থা সাজু কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে৷

বৃহস্পতিবাৰে মহানগৰীৰ হোটেল আৰু ব্যক্তিগত চিকিৎসালয়সমূহৰ কৰ্তৃপক্ষৰ সৈতে দ্বিতীয়বাৰৰ বাবে বৈঠকত বহে জিলা প্ৰশাসনৰ প্ৰতিনিধি।

হোটেল আৰু ব্যক্তিগত চিকিৎসালয়সমূহৰ মাজত বুজাবুজি হ’লে হোটেলৰ কিমান বিচনা অতিৰিক্তভাৱে পোৱা যাব তাৰ বুজ লয় জিলা প্ৰশাসনৰ মুৰব্বীসকলে।

ঘৰত থাকিবলৈ ইচ্ছা নকৰা লক্ষণ নথকা ৰোগীসকলক চিকিৎসালয়ৰ পৰিৱৰ্তে হোটেলত ৰখাৰ বাবেই এই পদক্ষেপ প্ৰশাসনৰ।

জিলা উন্নয়ন আয়ুক্ত নিবেদন দাস পাটোৱাৰীৰ অধ্যক্ষতাত বহা বৈঠকখনত হোটেল আৰু ব্যক্তিগত চিকিৎসালয়ৰ প্ৰতিনিধিৰ লগতে অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য)  শৰ্মিষ্ঠা বৰা আৰু যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডা° গনেশ শইকীয়া উপস্থিত থাকে।

ইয়াৰ পিছতে জিলাখনৰ মণ্ডলসকলৰ লগতো এখন বৈঠক অনুষ্ঠিত হয়।