NORTHEAST NOW (Assamese)
অসম

প্ৰধান মন্ত্ৰী মোদীৰ অৰুণাচল ভ্ৰমণ : চীনে দেখুৱালে ৰঙা চকু

Posted by: এন ই নাও নিউজ February 10, 2019 12:18 pm
Modi-and-Xi-Jingpi-750x375

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে অৰুণাচল প্ৰদেশ ভ্ৰমণ কৰাকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে চীনৰ বৈদেশিক মন্ত্ৰালয়ে। প্ৰধান মন্ত্ৰী মোদীৰ ভ্ৰমণক গৰিহনা দি চীনে কৈছে যে ই অঞ্চলটোত ভাৰতীয় নেতাৰ কাৰ্যকলাপৰ ‘’দৃঢ়ভাৱে বিৰোধ’’ কৰে।

সংবাদ সংস্থাৰ বাতৰি মতে শেহতীয়াভাৱে দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক উন্নত কৰি তোলাৰ প্ৰচেষ্টা সত্ত্বেও ১৯৬২ত যুদ্ধ সংঘটিত হোৱা ভাৰত-চীন পাহাৰীয়া সীমান্তৰ বিষয়টো স্পৰ্শকাতৰ সমস্যা হিচাপে চিহ্নিত হৈ আহিছে। আনহাতে, উক্ত অঞ্চলটোক চীনে দক্ষিণ তিব্বত হিচাপে দাবী কৰি আহিছে।

‘’চীনে ভাৰতীয় পক্ষক দ্বিপাক্ষিক সম্পৰ্কৰ সামগ্ৰিক পৰিস্থিতিটোৰ পৰা আঁতৰি থাকি, চীনৰ স্বাৰ্থ তথা চিন্তাক সন্মান জনাই দুয়োখন দেশৰ মাজৰ সম্পৰ্ক উন্নত কৰি তোলাৰ মুহূৰ্ততো উপভোগ কৰিবলৈ আৰু সীমান্ত সমস্যাটোক গভীৰ বিবদমান তথা জটিল কৰি তোলা ইকোনো কাৰ্যৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে,’’-দেশখনৰ বৈদেশিক মন্ত্ৰালয়ৰ এটা বিবৃতিত এইদৰে কোৱা হয়।

আনহাতে, উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যখনত প্ৰধান মন্ত্ৰী মোদীৰ ভ্ৰমণকলৈ চীনৰ আপত্তিৰ প্ৰত্যুত্তৰ দি ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে কয় যে অৰুণাচল ‘’ভাৰতৰ অপৰিহাৰ্য আৰু অৱিচ্ছেদ্য অংগ।‘’

‘’অৰুণাচল প্ৰদেশ ৰাজ্যখন ভাৰতৰ অপৰিহাৰ্য আৰু অৱিচ্ছেদ্য অংগ। ভাৰতৰ আন অংশত ভ্ৰমণ কৰাৰ দৰে ভাৰতীয় নেতাই অৰুণাচল প্ৰদেশো সময়ে সময়ে ভ্ৰমণ কৰি আহিছে। ভাৰতৰ এই স্থিতিৰ কথা কেইবাবাৰো চীনক জনাই দিয়া হৈছে,’’ বৈদেশিক মন্ত্ৰালয়ৰ উদ্ধৃতিৰে সংবাদ প্ৰতিষ্ঠানে এই কথা প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে ভাৰত আৰু চীনে ২০১৭ত হিমালয় সীমান্তত সৃষ্টি হোৱা সশস্ত্ৰ উত্তেজনাৰ পাছত দেশ দুখনৰ মাজত সম্পৰ্ক দৃঢ় কৰি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

ভাৰতৰ প্ৰধান মন্ত্ৰী মোদী আৰু চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙ যোৱা বছৰ কেইবাবাৰো আলোচনাত মিলিত হৈছিল।