NORTHEAST NOW (Assamese)
অসম

টীয়কত অসম জাতীয় পৰিষদ দলৰ সাংগঠনিক তৎপৰতা; দুখন আঞ্চলিক সমিতি গঠন

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক January 10, 2021 6:50 pm

ৰাজ্যৰ নৱ গঠিত আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদ দলৰ যোৰহাট জিলাৰ টীয়ক বিধান সভা সমষ্টিত সাংগঠনিক তৎপৰতা তীব্ৰতৰ হৈ উঠা পৰিলক্ষিত হৈছে।

টীয়ক বিধানসভা সমষ্টিত অসম জাতীয় পৰিষদ দলে আজি দুখন গুৰুত্বপূৰ্ন আঞ্চলিক পূৰ্ণাংগ সমিতি গঠন কৰে।

আজি গঠিত সমষ্টিৰ তামুলীছিগা আঞ্চলিক সমিতিত সাংস্কৃতিক কৰ্মী দিগন্ত শইকীয়াক সভাপতি হিচাপে আৰু সাধাৰণ সম্পাদক হিচাপে মাখন দত্তক দায়িত্ব দিয়া হয়।

অন্যহাতে আজি গঠিত সমষ্টিৰ ৰাজৈ বাদুলীপুখুৰী আঞ্চলিক সমিতিৰ সভাপতি হিচাপে মহম্মদ মতলিফ আহমেদ আৰু সাধাৰণ সম্পাদক হিচাপে অসীম আকাশ শইকীয়াক দায়িত্ব দিয়া হয়।

আজিৰ দুয়োখন আঞ্চলিক সমিতি গঠনৰ সভাত কেন্দ্রীয় উপ সভাপতি ৰানা চাংমাই, জিলা মুখ্য আহ্বায়ক সৌৰভ বৰা, জিলা মুখ্য আহ্বায়ক মাধুয্য চাংকাকতি, জিলা আহ্বায়ক নৱজ্যোতি বৰবৰা, বিশ্বজিৎ নাথ, কেন্দ্রীয় নেত্ৰী চাহিদা বেগম, যুৱ শক্তি জিলা আহ্বায়ক ৰিন্টু খাউণ্ড সহ বহু কেইগৰাকী ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ বিষয়-ববীয়া উপস্থিত থাকে।