NORTHEAST NOW (Assamese)
অসম

সাংবাদিক সুৰক্ষা আৰু ক্ষুদ্ৰ-মজলীয়া বাতৰি কাকত সন্থাৰ গুৰুত্বপূৰ্ণ কাৰ্য্যকৰী সভা সম্পন্ন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 10, 2021 6:53 pm

ৰাজ্যৰ ক্ষুদ্ৰ আৰু মজলীয়া বাতৰি কাকতসমূহৰ বিভিন্ন সমস্যা সমাধান আৰু বিভিন্ন মাধ্যমত কৰ্মৰত সাংবাদিকসকলৰ সুৰক্ষাৰ কথা চিন্তা কৰি নতুনকৈ গঠন হোৱা সদৌ অসম সাংবাদিক সুৰক্ষা আৰু ক্ষুদ্ৰ-মজলীয়া বাতৰি কাকত সন্থাৰ গুৰুত্বপূৰ্ণ তথা প্ৰথমখন কাৰ্য্যকৰী সভা আজি অনুষ্ঠিত হয়।

গুৱাহাটী মহানগৰীৰ হাতীগাঁৱত দিনৰ ১১ বজাত সন্থাৰ সভাপতি অৰুণ ভাগৱতীৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভাখনত ৰাজ্যৰ ক্ষুদ্ৰ-মজলীয়া বাতৰি কাকতসমূহৰ বিভিন্ন সমস্যা আৰু বিভিন্ন মাধ্যমত কৰ্মৰত সাংবাদিকসকলৰ সুৰক্ষা সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা কয় হয়।

সন্থাৰ সাধাৰণ সম্পাদক আকবৰ মজুমদাৰে আঁত ধৰা সভাখনত এই বিষয়সমূহক লৈ সন্থাৰ এক প্ৰতিনিধি দলে অতি শীঘ্ৰে মুখ্য মন্ত্ৰীক সাক্ষাৎ কৰাৰ প্ৰয়োজনীয়তাকে ধৰি কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়।